হাদীছ বিভাগ

উত্তৰ- আমীৰুল মুমিনীন আবু হাফচ ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁঃ “সকলো কাম (ৰ প্রাপ্য) হ’ব নিয়্যত অনুযায়ী, আৰু মানুহে তাৰ নিয়্যত অনুযায়ী প্রতিফল পাব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ উদ্দেশ্যে হিজৰত কৰিব, তাৰ হিজৰত সেই উদ্দেশ্যেই গৃহীত হ'ব। আনহাতে যিয়ে পাৰ্থিৱ লাভৰ আশাত অথবা কোনো মহিলাক বিবাহ কৰাৰ উদ্দেশ্যে হিজৰত কৰিব, তেন্তে তাৰ হিজৰত সেই উদ্দেশ্যেই কবূল হ’ব, যি উদ্দেশ্যত সি হিজৰত কৰিছে’। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- প্ৰতিটো আমলৰ বাবে নিয়্যত জৰুৰী, নামাজ, ৰোজা, হজ্জ আদি আমলৰ বাবে।
২- নিৰ্ভেজালভাৱে ইখলাচৰ সৈতে একমাত্ৰ আল্লাহৰ বাবে নিয়্যত কৰা অনিবাৰ্য।
দ্বিতীয় হাদীছ

উত্তৰ- উম্মুল মুমিনীন উম্মু আব্দিল্লাহ আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাই বৰ্ণনা কৰি কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আমাৰ দ্বীনৰ মাজত এনে কোনো নতুন বিষয় সংযুক্ত কৰিব যিটো তাৰ অংশ নহয়, সেইটো প্ৰত্যাখ্যাত। (অৰ্থাৎ সেইটো গ্ৰহণযোগ্য নহ’ব)। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- দ্বীনৰ মাজত বিদআত সৃষ্টি কৰিবলৈ নিষেধ কৰা হৈছে।
২- এই কথা নিশ্চিত যে, বিদআতী আমল প্ৰত্যাখ্যাত অগ্ৰহণযোগ্য।
তৃতীয় হাদীছ

উত্তৰ- ওমৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে, এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, ঠিক সেই সময়তে হঠাৎ এজন ব্যক্তি আমাৰ সন্মুখত আহি উপস্থিত হ'ল, যাৰ কাপোৰ আছিল অতিকৈ বগা, চুলিবোৰ আছিল ভীষণ ক’লা; তাৰ ওপৰত ভ্ৰমণৰ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাছিল। আমাৰ মাজৰ কোনেও তেওঁক চিনিও পোৱা নাছিল। তেওঁ নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত আহি বহিল, নিজৰ আঠু তেখেতৰ আঠুৰ লগত মিলাই নিজৰ হাত তেখেতৰ (অথবা নিজৰেই) উৰুত ৰাখি ক’লে: “হে মুহাম্মদ, মোক ইছলাম সম্পৰ্কে জ্ঞান দিয়ক”। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে: “ইছলাম হৈছে- তুমি সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই আৰু মুহাম্মদ (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) আল্লাহৰ ৰাছুল, ছালাত প্ৰতিষ্ঠা কৰা, যাকাত প্ৰদান কৰা, ৰমজান মাহৰ চওম পালন কৰা আৰু যদি সামৰ্থ থাকে তেন্তে (আল্লাহৰ) ঘৰৰ হজ্জ কৰা।” তেওঁ (লোকজনে) ক’লে: “আপুনি ঠিকেই কৈছে”(বৰ্ণনাকাৰীয়ে কৈছে) আমি বিস্মিত হ’লোঁ, তেওঁ নিজেই তেখেতক প্ৰশ্ন কৰি আছে আকৌ নিজেই তেখেতৰ উত্তৰক সঠিক বুলি সমৰ্থন কৰি আছে। তাৰ পিছত তেওঁ ক’লে, “মোক ঈমান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) ক’লে: “সেয়া হৈছে এই যে- আল্লাহ, তেওঁৰ ফিৰিস্তা, তেওঁৰ কিতাবসমূহ, তেওঁৰ ৰাছুলসকল আৰু আখিৰাতৰ ওপৰত ঈমান পোষণ কৰা, লগতে তাকদীৰৰ (ভাগ্যৰ) ভাল-বেয়াৰ ওপৰত বিশ্বাস স্থাপন কৰা।” তেওঁ ক’লে: “আপুনি ঠিকেই কৈছে”। তাৰ পিছত ক’লে: “মোক ইহছান সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- তুমি এনেকৈ আল্লাহৰ ইবাদত কৰা যেনিবা তুমি আল্লাহক দেখি আছা, আৰু যদি তুমি তেওঁক দেখিবলৈ নোপোৱা (অথবা যদি এইটো কল্পনা কৰিব নোৱাৰা) তেন্তে তুমি জানি থোৱা তেওঁ নিশ্চয় তোমাক দেখি আছে”। তেওঁ ক’লে: “মোক কিয়ামত সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “যাক প্ৰশ্ন কৰা হৈছে তেওঁ প্ৰশ্নকাৰীতকৈ বেছি একো নাজানে”। তেওঁ ক’লে: “তেন্তে তাৰ লক্ষণ সম্পৰ্কে জ্ঞান দিয়ক”। তেখেতে ক’লে: “সেয়া হৈছে এই যে- দাসীয়ে নিজৰ মালিকক জন্ম দিব, সম্পদ আৰু বস্ত্ৰহীন গৰখীয়াসকলেও ওখ ওখ অট্টালিকাৰ দম্ভ কৰিব”। এই কথোপকথনৰ পিছত সেই ব্যক্তিজন গুচি গ’ল, কিন্তু মই আৰু কিছুসময় বহি থাকিলোঁ। তেতিয়া তেখেতে (ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে) মোক ক’লে: “হে ওমৰ! প্ৰশ্নকাৰীজন কোন আছিল, আপুনি জানেনে? মই ক'লোঁ: “আল্লাহ আৰু তেওঁৰ ৰাছুলেহে অধিক ভালকৈ জানে”। তেখেতে ক’লে: “তেওঁ আছিল জিব্ৰীল (আলাইহিচ্ছালাম)। আপোনালোকক আপোনালোকৰ দ্বীন শিক্ষা দিবলৈ আপোনালোকৰ ওচৰলৈ আহিছিল।” ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- ইছলামৰ পাঁচটা আৰকান উল্লেখ কৰা হৈছে। যেনে-
এই কথাৰ সাক্ষ্য দান কৰা যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ (উপাস্য) নাই আৰু মুহাম্মদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) হৈছে আল্লাহৰ ৰাছুল।
চালাত প্ৰতিষ্ঠা কৰা।
জাকাত প্ৰদান কৰা।
ৰমজান মাহৰ ৰোজা ৰখা।
বাইতুল্লাহৰ হজ্জ কৰা।
২- ঈমানৰ আৰকান উল্লেখ কৰা হৈছে, ঈমানৰ আৰকান হৈছে ছয়টাঃ
আল্লাহৰ প্ৰতি ঈমান।
ফিৰিস্তাসকলৰ প্ৰতি ঈমান।
তেওঁ অৱতীৰ্ণ কৰা গ্ৰন্থসমূহৰ প্ৰতি ঈমান।
তেওঁৰ প্ৰেৰিত ৰাছুলসকলৰ প্ৰতি ঈমান।
শেষ দিৱসৰ প্ৰতি ঈমান।
তাক্বদীৰ বা ভাগ্যৰ মঙ্গল অমঙ্গলৰ প্ৰতি ঈমান।
৩- এহছানৰ ৰুকন উল্লেখ কৰা হৈছে। এহছানৰ এটাই ৰুকন, সেইটো হৈছেঃ আল্লাহৰ ইবাদত এনেকৈ কৰক যেনিবা আপুনি আল্লাহক দেখি আছে। আৰু যদি এইটো অনুভৱ নহয় তেন্তে মনত ৰাখিব লাগিব যে, আল্লাহে আপোনাক দেখি আছে।
৪- কিয়ামতৰ সঠিক সময় সম্পৰ্কে আল্লাহৰ বাহিৰে আন কোনেও নাজানে।
চতুৰ্থ হাদীছ

উত্তৰ- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুমিনসকলৰ মাজত পৰিপূৰ্ণ মুমিন হৈছে সেই ব্যক্তি, যাৰ চৰিত্ৰ তেওঁলোকৰ মাজত সৰ্বোত্তম। হাদীছটো তিৰিমিজীয়ে বৰ্ণনা কৰিছে আৰু কৈছেঃ হাদীছটো হাছান ছহীহ।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- উত্তম চৰিত্ৰৰ প্ৰতি উৎসাহ প্ৰদান কৰা হৈছে।
২- লগতে হাদীছটোৱে প্ৰমাণ কৰে যে, পৰিপূৰ্ণ চৰিত্ৰ হৈছে পৰিপূৰ্ণ ঈমানৰ প্ৰতীক।
৩- লগতে এই কথাও প্ৰমাণিত হয় যে, ঈমান বৃদ্ধি হয় আৰু হ্ৰাস পায়।
পঞ্চম হাদীছ

উত্তৰ- ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে আল্লাহৰ বাহিৰে আনৰ নামত শপত কৰিছে, সি দৰাচলতে কুফৰী কৰিছে অথবা শ্বিৰ্ক কৰিছে। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১-আল্লাহৰ বাহিৰে আনৰ শপত খোৱা বৈধ নহয়।
২-আল্লাহৰ বাহিৰে আনৰ শপত খোৱাটো হৈছে শ্বিৰ্কে আচগৰ বা সৰু শ্বিৰ্ক।
ষষ্ঠ হাদীছ

উত্তৰ- আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্রকৃত মুমিন হ’ব নোৱাৰিব যেতিয়ালৈকে তাৰ ওচৰত মই তাৰ সন্তান, তাৰ পিতা আৰু সকলো মানুহতকৈ অধিক প্রিয়পাত্র নহওঁ। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- সকলোতকৈ অধিক নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মুহাব্বত কৰাটো জৰুৰী।
২- এইটো হৈছে পৰিপূৰ্ণ ঈমানৰ প্ৰতীক।
সপ্তম হাদীছ

উত্তৰ- আনাছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ মাজৰ কোনেও তেতিয়ালৈকে প্ৰকৃত মুমিন হ'ব নোৱাৰিব, যেতিয়ালৈকে সি নিজৰ বাবে যিটো পছন্দ কৰে সেইটো তাৰ ভাতৃৰ বাবে পছন্দ নকৰিব। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- মুমিনৰ উচিত, তেওঁ নিজৰ বাবে যিটো কল্যাণ পছন্দ কৰে সেইটো যেন তেওঁ মুমিন ভাতৃৰ বাবেও পছন্দ কৰে।
২- এইটো হৈছে পৰিপূৰ্ণ ঈমানৰ প্ৰতীক।
অষ্টম হাদীছ

উত্তৰ- আবু ছাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ শপত সেই সত্ত্বাৰ, যাৰ হাতত মোৰ প্ৰাণ আছে! নিশ্চয় এইটো এক তৃতীয়াংশ কোৰআনৰ সমান। বুখাৰীয়ে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- ছুৰা ইখলাচৰ ফজিলত।
২- এই ছুৰাটো এক তৃতীয়াংশ কোৰআনৰ সমান।
নৱম হাদীছ

উত্তৰ- আবু মুছা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ লা হাওলা অলা কুউৱাতা ইল্লা বিল্লাহ হৈছে জান্নাতৰ এটা ধন-ভাণ্ডাৰ। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- এই দুআটোৰ গুৰুত্ব বুজোৱা হৈছে, লগতে এইটো হৈছে জান্নাতৰ এটা সম্পদ।
২- বান্দাই নিজৰ শক্তি-সামৰ্থক নত কৰি একমাত্ৰ আল্লাহৰ ওপৰত ভৰসা কৰা উচিত।
দশম হাদীছ

উত্তৰ- নু'মান ইবনে বাশ্বিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ জানি থোৱা! নিশ্চয় শৰীৰত এনেকুৱা এটুকুৰা মাংস আছে, যদি সেইটো ঠিকে থাকে তেন্তে গোটেই শৰীৰ ঠিকেই থাকে আৰু যদি সেইটো বেয়া হয় তেন্তে গোটেই শৰীৰ বেয়া হৈ যায়। জানি থোৱা! সেইটো হৈছে অন্তৰ। ইয়াক বুখাৰী আৰু মুছলিমে বৰ্ণনা কৰিছে।
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- অন্তৰৰ সংশোধনেই হৈছে আভ্যন্তৰীণ আৰু বাহ্যিক সংশোধন।
২- অন্তৰৰ সংশোধন খুবেই গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰাই মানুহৰ সংশোধন হয়।
একাদশ হাদীছ

উত্তৰ- মাআজ ইবনে জাবাল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিৰ সৰ্বশেষ কথা লা ইলা-হা ইল্লাল্লাহ হ'ব (আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই,) তেওঁ জান্নাতত প্ৰৱেশ কৰিব। ইয়াক আবু দাউদে বৰ্ণনা কৰিছে
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- লা ইলা-হা ইল্লাল্লাহৰ ফজিলত। ইয়াৰ ফলত বান্দা জান্নাতত প্ৰৱেশ কৰিব।
২- লগতে পাৰ্থিৱ জীৱনৰ সৰ্বশেষ বাক্য "লা ইলা-হা ইল্লাল্লাহ" হোৱাৰ ফজিলত।
দ্বাদশ হাদীছ

উত্তৰ- আব্দুল্লাহ ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুমিন কেতিয়াও পৰনিন্দাকাৰী, অভিশাপকাৰী নহয়, লগতে অভদ্ৰ ভাষা প্ৰয়োগকাৰী আৰু অসংযতও নহয়। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- প্ৰতিটো বেয়া ভাষা আৰু অসংযত কথাৰ পৰা নিষেধ কৰা হৈছে।
২- এইটো হৈছে মুমিনৰ ভাষাগত বৈশিষ্ট্য।
ত্ৰয়োদশ হাদীছ

উত্তৰ- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰি কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “কোনো ব্যক্তিৰ ইছলাম গ্ৰহণ কৰাৰ অন্যতম সৌন্দৰ্য হৈছে, অনৰ্থক অপ্ৰয়োজনীয় বিষয় পৰিত্যাগ কৰা।” (তিৰমিজী)
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- বেলেগ ধৰ্মীয় আৰু পাৰ্থিৱ জীৱনৰ অনৰ্থক, অপ্ৰয়োজনীয় বিষয়বোৰ পৰিত্যাগ কৰা উচিত।
২- অপ্ৰয়োজনীয় তথা অনৰ্থক বিষয় পৰিত্যাগ কৰাটো হৈছে পৰিপূৰ্ণৰূপে ইছলাম গ্ৰহণ কৰাৰ প্ৰতীক।
চতুৰ্দশ হাদীছ

উত্তৰ- আব্দুল্লাহ ইবনে মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ আল্লাহৰ কিতাবৰ পৰা যিয়ে এটা হৰফ (আখৰ) পাঠ কৰিব, ইয়াৰ ফলত তেওঁ এটা ছোৱাব পাব। লগতে প্ৰতিটো ছোৱাব দহগুণ বৃদ্ধি কৰি প্ৰদান কৰা হ'ব। মই এইটো নকওঁ যে, আলিফ, লাম, মীম হৈছে এটা হৰফ। বৰং আলিফ হৈছে এটা হৰফ, লাম হৈছে এটা হৰফ আৰু মীম হৈছে এটা হৰফ। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে
হাদীছৰ পৰা সংগৃহীত উপকাৰিতাসমূহঃ
১- কোৰআন তিলাৱত কৰাৰ ফজিলত।
২- প্ৰতিটো আখৰৰ বিনিময়ত আপোনাৰ বাবে আছে ছোৱাব।