ফিকহ বিভাগ

উত্তৰ- তাহাৰাতৰ অৰ্থ হৈছে অনুভূতিসূচক অপৱিত্ৰতাৰ পৰা মুক্তি লাভ কৰা তথা ময়লা-আৱৰ্জনা দূৰ কৰা।
ময়লা-আৱৰ্জনাৰ পৰা পৱিত্ৰতা অৰ্জনৰ অৰ্থ হৈছে, মুছলিম ব্যক্তিৰ শৰীৰত লগা অপৱিত্ৰতা, কাপোৰ অথবা কোনো স্থান নাইবা নামাজ পঢ়া ঠাইত থকা ময়লা-আৱৰ্জনা চাফ কৰাক তাহাৰাতুল খাবাছ বোলে।
তাহাৰাতুল হাদাছ বা অনুভূতিসূচক পৱিত্ৰতা, এইটো অৰ্জন হয় অজু, গোছল আৰু পৱিত্ৰ পানীৰ জৰিয়তে, নাইবা পানী নাপালে অথবা পানী ব্যৱহাৰ কৰিবলৈ অপাৰগ হ'লে তায়াম্মুমৰ দ্বাৰা অৰ্জন কৰিব পাৰি।

উত্তৰ- নাপাকী বা ময়লা-আৱৰ্জনা দূৰ নোহোৱালৈকে পানীৰে ধুই পৱিত্ৰতা অৰ্জন কৰিব পাৰি।
আনহাতে কুকুৰে কোনো বাচন-বৰ্তনত মুখ দিলে সেইটোক সাতবাৰ ধুব লাগিব, আৰু প্ৰথমবাৰ মাটিৰে ঘহিঁব লাগিব।

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যেতিয়া কোনো মুছলিম- বা মুমিন- ব্যক্তিয়ে অজু কৰে, সেই সময়ত তেওঁ যেতিয়া নিজৰ মুখ ধয়, তেতিয়া তেওঁৰ মুখমণ্ডলৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ নিগৰি পৰে যিটো তেওঁ নিজৰ দুচকুৰে কৰিছিল।", আৰু যেতিয়া তেওঁ দুহাত ধয়, তেতিয়া তেওঁৰ দুই হাতৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে প্ৰত্যেক সেই গুনাহ সৰি পৰে যিটো তেওঁ নিজৰ দুহাতেৰে কৰিছিল। এইদৰে যেতিয়া তেওঁ নিজৰ দুই ভৰি ধয়, তেতিয়া তেওঁৰ দুয়ো ভৰিৰ পৰা অজুৰ পানীৰ সৈতে অথবা পানীৰ শেষ বিন্দুৰ সৈতে ভৰিৰে খোজকাঢ়ি কৰা প্ৰতিটো পাপ সৰি পৰে। অৱশেষত তেওঁ সকলো গুনাহৰ পৰা পৱিত্ৰ হৈ ওলাই আহে।" ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- হাতৰ সৰু গাঁঠিলৈকে তিনিবাৰ ধুব লাগিব।
কুলি কৰিব লাগিব আৰু নাকত পানী সোমোৱাই নাক পৰিস্কাৰ কৰিব লাগিব। তিনিবাৰকৈ।
মুখ গহ্বৰত পানীলৈ অলপ সময় ঘূৰাই তাৰ পিছত উলিয়াই দিয়াক মাজমাজাহ বোলে।
সোঁ হাতৰ সহায়ত উশাহৰ সৈতে নাকৰ ভিতৰ ভাগলৈ পানী টানি লোৱাক ইস্তিনশ্বাক্ব বোলে।
ইয়াৰ পিছত বাওঁ হাতেৰে সেই পানী নাকৰ পৰা উলিয়াই অনাক ইস্তিনছাৰ বোলে।
ইয়াৰ পিছত তিনিবাৰ মুখমণ্ডল ধুব লাগে।
ইয়াৰ পিছত তিনিবাৰ কিলাকুটিলৈকে দুয়ো হাত ধুব লাগে।
ইয়াৰ পিছত মূৰৰ আগফালৰ পৰা পিছফাললৈকে মূৰ মছেহ কৰিব লাগে, লগতে কাণ মছেহ কৰিব লাগে।
ইয়াৰ পিছত দুয়ো ভৰিৰ সৰুগাঁঠিলৈকে তিনিবাৰ ধুব লাগে।
এইটোৱে হৈছে সম্পূৰ্ণ অজু। বুখাৰী আৰু মুছলিমৰ কেইবাটাও হাদীছৰ দ্বাৰা এইটো প্ৰমাণিত। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা উছমান ৰাদ্বিয়াল্লাহু আনহু আৰু আব্দুল্লাহ বিন ঝায়েদ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে। বুখাৰী আদি গ্ৰন্থত এইটোও বৰ্ণিত হৈছে যে, তেখেতে চাল্লাল্লাহু আলাইহি অছাল্লামে এবাৰ এবাৰকৈও অজু কৰিছিল আৰু দুবাৰ দুবাৰকৈও অজু কৰিছিল। অৰ্থাৎ অজুৰ অংগবোৰ এবাৰ এবাৰকৈও ধুইছিল আৰু দুবাৰ দুবাৰকৈও ধুইছিল।

উত্তৰ- অজুৰ ফৰজসমূহ হৈছে এনেকুৱা বাধ্যতামূলক কাৰ্য্য যিবোৰৰ এটা বাদ পৰিলেই অজু নহ'ব। সেইবোৰ হৈছে-
১- মুখমণ্ডল ধোৱা। কুলি কৰা আৰু নাকত পানী দিয়াটোও ইয়াৰেই অন্তৰ্ভুক্ত।
২- কিলাকুটিলৈকে দুয়ো হাত ধোৱা।
৩- মূৰ মছেহ কৰা। কাণ মছেহ কৰা ইয়াৰেই অন্তৰ্ভুক্ত।
৪- সৰুগাঁঠিলৈকে দুয়ো ভৰি ধোৱা।
৫- অংগবোৰ ধোৱাৰ ক্ষেত্ৰত ধাৰাবাহিকতা বজায় ৰখা। যেনে- মুখমণ্ডল, তাৰ পিছত দুয়ো হাত, তাৰ পিছত মূৰ মছেহ আৰু তাৰ পিছত দুয়ো ভৰি ধোৱা।
৬- একেলেঠাৰিয়ে অজু কৰা। অংগবোৰ ধোৱাৰ ক্ষেত্ৰত যাতে বেছি পলম নহয়। অৰ্থাৎ এটা অংগ ধোৱাৰ পিছত আনটো অংগ ধোৱাৰ মাজত, ধুই লোৱা অংগটো শুকাই যাব পৰা ব্যৱধান নকৰা।
উদাহৰণস্বৰূপে, কোনোবাই আধা অজু কৰি, বাকীখিনি যদি পিছত কেতিয়াবা সম্পূৰ্ণ কৰে, তেন্তে তাৰ অজু নহ'ব।

উত্তৰ- অজুৰ ছুন্নতসমূহ হৈছে এনেকুৱা কিছুমান কৰ্ম যিবোৰ কৰিলে অধিক ছোৱাব লাভ হয়, আৰু যদি বাদ পৰি যায় তেন্তে কোনো গুনাহ নহয়, অজু সঠিক হ'ব।
১- বিছমিল্লাহ কোৱা।
২- মিছৱাক কৰা।
৩- সৰুগাঁঠিলৈকে হাত ধোৱা।
৪- আঙুলি খিলাল কৰা।
৫- দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ অজুৰ অংগবোৰ ধোৱা।
৬- সোঁ ফালৰ পৰা আৰম্ভ কৰা।
৭- অজু কৰাৰ পিছত দুআ পাঠ কৰা। (আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহু) অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা আৰু ৰাছুল।
৮- অজু কৰাৰ পিছত দুই ৰাকাত ছুন্নত পঢ়া।

উত্তৰ- আগফালৰ আৰু পিছফালৰ লজ্জাস্থানৰ পৰা কিবা ওলালে অজু ভংগ হয়। শৌচ, প্ৰস্ৰাৱ অথবা বায়ু।
টোপনি গ'লে,মানসিক সন্তোলন হেৰুৱালে,অচেতন হৈ পৰিলে।
উটৰ মাংস ভক্ষণ কৰিলে।
অন্তৰাল নোহোৱাকৈ প্ৰত্যক্ষভাৱে আগফালৰ বা পিছফালৰ লজ্জাস্থান স্পৰ্শ কৰিলে।

উত্তৰ- পানী নাথাকিলে অথবা পানী ব্যৱহাৰ কৰিবলৈ অপাৰগ হ'লে পৱিত্ৰ মাটিৰ দ্বাৰা পৱিত্ৰতা অৰ্জন কৰাকে তায়াম্মুম বোলে।

উত্তৰ- দুয়ো হাতৰ তলুৱাৰে মাটিত এবাৰ জোৰকৈ আঘাত কৰিব লাগে আৰু তাৰ দ্বাৰা মুখমণ্ডল আৰু দুয়ো হাতৰ পৃষ্ঠভাগত এবাৰ মছেহ কৰিব লাগে।

উত্তৰ- অজু ভংগ হোৱাৰ যিবোৰ কাৰণ আছে, সেইবোৰ কাৰণতেই তায়াম্মুম ভংগ হয়।
ইয়াৰ ওপৰিও যদি পানী উপলব্ধ হয়, তেতিয়াও তায়াম্মুম ভংগ হয়।

উত্তৰ- চামৰাৰে প্ৰস্তুত কৰা ভৰিত পিন্ধা মোজাক খুফফাইন বোলে।
আনহাতে চামৰাৰ বাহিৰে বেলেগ উপকৰণেৰে তৈয়াৰ কৰা মোজাক জাওৰাবাইন বোলে।
ভৰি ধোৱাৰ পৰিবৰ্তে এই দুয়োটাৰে ওপৰত মছেহ কৰাটো চৰীয়ত সন্মত।

উত্তৰ- ইয়াৰ প্ৰকৃত উদ্দেশ্য হৈছে বান্দাসকলক সুবিধা প্ৰদান কৰা তথা তেওঁলোকক সহজ কৰি দিয়া। বিশেষকৈ শীতৰ সময়ত আৰু ভ্ৰমণত থকা অৱস্থাত, সেই সময়ত ভৰিৰ পৰা মোজা খোলাটো কষ্টকৰ হয়।

উত্তৰ- ১- পৱিত্ৰতা অৰ্জন কৰাৰ পিছত পিন্ধিব লাগিব, অৰ্থাৎ অজু কৰাৰ পিছত।
২- ভৰিত পিন্ধা মোজাযোৰ পৱিত্ৰ হ'ব লাগিব। অপৱিত্ৰ মোজাৰ ওপৰত মছেহ কৰা বৈধ নহয়।
৩- সেই মোজাৰে ধুবলগীয়া অজুৰ ফৰজ অংশখিনি ঢাকি থকা হ'ব লাগিব।
৪- নিৰ্দিষ্ট ম্যাদৰ মাজতেই মছেহ কৰিব লাগিব। স্ব-স্থানত বসবাস কৰা লোকৰ বাবে এদিন এৰাতি, আৰু ভ্ৰমণকাৰীৰ বাবে তিনিদিন তিনি ৰাতি।

উত্তৰ- মছেহ কৰাৰ পদ্ধতি হৈছেঃ প্ৰথমে দুয়ো হাতৰ আঙুলিবোৰ পানীৰে তিয়াই লব লাগিব, তাৰ পিছত ভৰিৰ আঙুলিৰ পৰা ভৰিৰ সম্পূৰ্ণ পতা মছেহ কৰিব। সোঁ হাতেৰে সোঁ ভৰি মছেহ কৰিব আৰু বাওঁ হাতেৰে বাও ভৰি মছেহ কৰিব। মছেহ কৰাৰ সময়ত হাতৰ আঙুলিবোৰ যাতে ফাক হৈ থাকে। দ্বিতীয়বাৰ মছেহ কৰাৰ প্ৰয়োজন নাই।

উত্তৰ- ১- মছেহৰ ম্যাদ শেষ হ'লে। চৰীয়তে নিৰ্ধাৰণ কৰা ম্যাদ শেষ হোৱাৰ পিছত খুফফাইনৰ ওপৰত মছেহ কৰা বৈধ নহয়। স্ব-স্থানত থকা লোকৰ বাবে এদিন এৰাতি আৰু ভ্ৰমণকাৰীৰ বাবে তিনিদিন তিনি ৰাতি।
২- খুফফাইন বা মোজা খুলিলে। যদি কোনোবাই মছেহ কৰাৰ পিছত মোজা খুলি পেলায় বা এটা মোজাও যদি খুলে তেন্তে তাৰ মছেহ বাতিল হ'ব।

উত্তৰ- চালাত হৈছে কিছুমান বিশেষ কথা আৰু কৰ্মৰ দ্বাৰা আল্লাহৰ ইবাদত কৰাৰ নাম। যিটো ইবাদত তাকবীৰৰ দ্বাৰা আৰম্ভ হয় আৰু ছালামৰ দ্বাৰা সম্পন্ন হয়।

উত্তৰ- চালাত আদায় কৰাটো প্রতিজন মুছলিমৰ ওপৰত অনিবাৰ্য।
আল্লাহে কৈছেঃ “নিশ্চিতভাৱে নির্ধাৰিত সময়ত ছালাত আদায় কৰাটো মুমিনৰ ওপৰত ফৰজ।” (ছুৰা আন-নিছাঃ ১০৩)

উত্তৰ- চালাত পৰিত্যাগ কৰাটো হৈছে কুফৰ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মুছলিম আৰু অমুছলিমৰ মাজত (মুক্তিৰ) যি প্ৰতিশ্ৰুতি আছে, সেয়া হৈছে চালাত। এতেকে যিয়ে ইয়াক পৰিত্যাগ কৰে, সি কুফৰী কৰে। এই হাদীছটোক আহমদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- দিনে ৰাতি পাঁচ ওৱাক্ত চালাত বাধ্যতামূলক। ফজৰৰ চালাত দুই ৰাকাত। জোহৰৰ চালাত চাৰি ৰাকাত। আচৰৰ চালাত চাৰি ৰাকাত। মাগৰিবৰ চালাত তিনি ৰাকাত। ঈশ্বাৰ চালাত চাৰি ৰাকাত।

উত্তৰ- ১- মুছলিম হ'ব লাগিব। কাফিৰৰ চালাত গৃহীত নহয়।
২- বিবেক সম্পন্ন হ'ব লাগিব। মানসিক সন্তোলন হেৰুৱা ব্যক্তিৰ চালাত সঠিক নহয়।
৩- পাৰ্থক্য কৰিব পৰা বয়সত উপনীত হ'ব লাগিব। এতেকে পাৰ্থক্য কৰিব নোৱাৰা শিশুৰ চালাত শুদ্ধ নহয়।
৪- নিয়ত
৫- চালাতৰ সময় হ'ব লাগিব।
৬- অনুভূতিসূচক অপৱিত্ৰতাৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব লাগিব।
৭- বাহ্যিক অপৱিত্ৰতাৰ পৰা পৱিত্ৰতা অৰ্জন কৰিব লাগিব।
৮- অত্যাৱশ্যকীয় ঢাকি ৰাখিবলগীয়া অংগখিনি ঢাকিব লাগিব।
৯- কিবলামুখী হ'ব লাগিব।

উত্তৰ- চালাতৰ আৰকান হৈছে ১৪ টা। ক্ৰমেঃ
সক্ষম ব্যক্তিৰ বাবে ফৰজ চালাতত থিয় হোৱা।
তাকবীৰে তাহৰীমা কোৱা, অৰ্থাৎ আল্লাহু আকবাৰ বুলি কোৱা।
ছুৰা আল-ফাতিহা পাঠ কৰা।
ৰূকু কৰা। ৰূকু কৰাৰ সময়ত পিঠি আৰু মূৰ যাতে সমতল থাকে।
ৰূকুৰ পৰা উঠা।
ৰূকুৰ পৰা পোন হৈ থিয় হোৱা।
ছাজদাহ কৰা। ছাজদাহ কৰাৰ সময়ত কপাল, নাক, দুয়ো হাত, দুয়ো আঠু আৰু ভৰিৰ আঙুলিবোৰ যাতে মাটিত স্পৰ্শ কৰে।
ছাজদাৰ পৰা উঠা।
দুই ছাজদাৰ মাজত বৈঠক কৰা।
ছুন্নত পদ্ধতি হৈছেঃ সোঁ ভৰি কিবলামুখীকৈ থিয় কৰাই বাওঁ ভৰি পাৰি তাৰ ওপৰত বহা।
ধীৰস্থিৰতা, প্ৰতিটো ৰুকন ধীৰ স্থিৰতাৰ সৈতে আদায় কৰা।
শেষ তাশ্বাহহুদ।
শেষ তাশ্বাহহুদৰ বৈঠক।
দুয়োফালে আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ বুলিকৈ ছালাম ফিৰোৱা।
আমি বৰ্ণনা কৰাৰ দৰে ধাৰাবাহিকতা বজায় ৰখা। যদি কোনোবাই জানি বুজি ৰূকুৰ আগত ছাজদাহ কৰে তেন্তে তাৰ চালাত বাতিল হ'ব। আনহাতে যদি ভুলতে কৰে তেন্তে পুনৰ ৰূকু কৰি তাৰ পিছত ছাজদাহ কৰিব লাগিব।

উত্তৰ- চালাতৰ ওৱাজিবাত হৈছে ৮টা। যেনে-
১- তাকবীৰে তাহৰীমাৰ বাহিৰে অন্যান্য তাকবীৰসমূহ।
২- "ছামিআল্লাহু লিমান হামিদা" কোৱা, ইমাম হওক বা অকলশৰীয়া ব্যক্তি।
৩- "ৰাব্বানা অলাকাল হাম্দ" কোৱা।
৪- ৰূকুত কমেও এবাৰ "ছুবহানা ৰাব্বিয়াল আজীম" পাঠ কৰা।
৫- ছাজদাত কমেও এবাৰ "ছুবহানা ৰাব্বিয়াল আ'লা" পাঠ কৰা।
৬- দুই ছাজদাৰ মাজত "ৰাব্বিগ ফিৰলী" পাঠ কৰা।
৭- প্ৰথম তাশ্বাহহুদ।
৮- প্ৰথম তাশ্বাহহুদৰ বাবে বৈঠক কৰা।

উত্তৰ- চালাতৰ ১১ টা ছুন্নত আছে। যেনে-
১- তাকবীৰে তাহৰীমাৰ পিছতঃ "ছুবহানাকা আল্লাহুম্মা অবিহামদিকা, অতাবাৰাকাছমুকা, অতাআলা জাদ্দুকা, অলা-ইলাহা গাইৰুকা," পাঠ কৰা। ইয়াক দুআ উল ইস্তিফতাহ বুলি কোৱা হয়।
২- আউজুবিল্লাহ পাঠ কৰা।
৩- বিছমিল্লাহ পাঠ কৰা।
৪- আমীন কোৱা।
৫- ছুৰা ফাতিহাৰ পিছত যিকোনো ছুৰা পাঠ কৰা।
৬- ইমামে উচ্চস্বৰে কিৰাআত কৰা।
৭- তাহমীদ (ৰাব্বানা অলাকাল হাম্দ) পাঠ কৰাৰ পিছত এই দুআ কোৱাঃ "মিলআচ ছামাৱাতি, অমিলআল আৰজ, অমিলআ মা শ্বি'তা মিন শ্বাইয়িম বাদ"।
৮- ৰুকত একাধিকবাৰ তাছবীহ পাঠ কৰা, অৰ্থাৎ দ্বিতীয় আৰু তৃতীয়বাৰ বা তাতকৈও অধিকবাৰ পাঠ কৰা।
৯- ছাজদাত একাধিকবাৰ তাছবীহ পাঠ কৰা।
১০- দুই ছাজদাৰ মাজত একাধিকবাৰ "ৰাব্বিগ ফিৰলী" পাঠ কৰা।
১১- শেষ বৈঠকত দৰূদে ইব্ৰাহীম পাঠ কৰা, আৰু তাৰ পিছত অন্যান্য়া দুআ পাঠ কৰা।
কৰ্মগত ছুন্নতসমূহ। ইয়াক আৰবীত হাইআত বোলে।
১- তাকবাৰে তাহৰীমাৰ সৈতে দুয়ো হাত উত্তোলন কৰা বা ৰাফউল য়াদাইন কৰা।
২- ৰূকু কৰাৰ সময়ত ৰাফউল য়াদাইন কৰা।
৩- ৰূকুৰ পৰা উঠি ৰাফউল য়াদাইন কৰা।
৪- ইয়াৰ পিছত দুয়ো হাত এৰি দিয়া।
৫- সোঁ হাত বাওঁ হাতৰ ওপৰত ৰখা।
৬- ছাজদাৰ ঠাইত দৃষ্টি ৰখা।
৭- থিয় হৈ থকা অৱস্থাত দুয়ো ভৰিৰ মাজত ব্যৱধান ৰখা।
৮- ৰূকু কৰাৰ সময়ত হাতৰ আঙুলিবোৰৰ মাজত ফাক ৰাখি মজবুতভাৱে আঠু ধাৰণ কৰা। লগতে পিঠি আৰু মূৰ সমতল কৰি ৰখা।
৯- ছাজদাৰ অংগবোৰ মাটিত পৰিপূৰ্ণৰূপে স্পৰ্শ কৰা, এটাও যাতে মাটিত স্পৰ্শ নোহোৱাকৈ নাথাকে।
১০- লক্ষ্য ৰাখিব লাগিব যে, কাষৰ সৈতে যাতে বাহু লাগি নাথাকে, উৰুৰ সৈতে যাতে পেট লাগি নাথাকে আৰু উৰু যাতে কলাফুলৰ সৈতে লাগি নাথাকে। দুয়ো আঠুৰ মাজত ব্যৱধান ৰাখিব লাগিব। ভৰি দুখন থিয় হৈ থাকিব লাগিব। দুয়ো ভৰিৰ আঙুলিবোৰৰ নিম্নাংশ মাটিত ৰাখিব লাগিব। দুয়ো হাত দুয়ো কান্ধ বৰাবৰ ৰাখিব লাগিব, হাতৰ আঙুলিবোৰ মিলাই ৰাখিব লাগিব।
১১- দুই ছাজদাৰ মাজৰ বৈঠকত আৰু প্ৰথম তাশ্বাহহুদত বাওঁ ভৰি পাৰি বহিব লাগে, আনহাতে দ্বিতীয় তাশ্বাহহুদত তাৱাৰ্ৰুক কৰিব লাগে।
১২- তাশ্বাহহুদ আৰু দুই ছাজদাৰ মাজত দুয়ো হাত প্ৰসাৰিত কৰি উৰুৰ ওপৰত ৰাখিব লাগে, লগতে আঙুলিবোৰ সংযুক্ত ৰাখিব লাগে, কিন্তু তাশ্বাহহুদৰ সময়ত সোঁ হাতৰ কনিষ্ঠা আৰু অনামিকা আঙুলিৰে মুঠি বান্ধি, মধ্যমা আৰু বৃদ্ধাঙ্গুলিৰে গোলাকাৰ বনাই তৰ্জনী আঙুলিৰে দুআ কৰাৰ সময়ত ইংগিত কৰিব লাগে।
১৩- ছালাম ফিৰোৱাৰ সময়ত সোঁফালে আৰু বাওঁফালে মুখ কৰা।

উত্তৰ- ১- কোনো ৰুকন অথবা চালাতৰ কোনো চৰ্ত পৰিত্যাগ কৰিলে।
২- জানি বুজি কথা ক'লে।
৩- পানাহাৰ কৰিলে।
৪- সঘনাই তথা একেৰাহে অনৰ্থক গতিবিধি কৰিলে।
৫- চালাতৰ কোনো এটা ওৱাজিব জানি বুজি পৰিত্যাগ কৰিলে।

উত্তৰ- নামাজৰ পদ্ধতিঃ
১- সম্পূৰ্ণৰূপে কিবলামুখী হোৱা, কোনো ধৰণৰ বিচ্যুতি আৰু কিবলাৰ পৰা আঁতৰি নোযোৱাকৈ।
২- ইয়াৰ পিছত মৌখিকভাৱে উচ্চাৰণ নকৰাকৈ অন্তৰৰ সংকল্পৰে নিয়্য়ত কৰা।
৩- ইয়াৰ পিছত "আল্লাহু আকবাৰ" বুলি কৈ তাকবীৰে তাহৰীমা বান্ধিব। তাকবীৰ দিয়াৰ সময়ত দুয়ো হাত কান্ধলৈকে উত্তোলন কৰিব।
৪- ইয়াৰ পিছত সোঁহাতৰ মণিবদ্ধ বাওঁহাতৰ মণিবদ্ধৰ ওপৰত ৰাখি বুকুৰ ওপৰত ৰাখিব লাগিব।
৫- তাৰ পিছত এইদৰে দুআ-এ-ইস্তিফতাহ পাঠ কৰি ক'বঃ আল্লাহুম্মা বা-ঈদ বাইনি অবাইনা খাতা-ইয়াইয়া, কামা বাআদ্তা বাইনাল মাশ্বৰিক্বি অল মাগৰিব; আল্লাহুম্মা নাক্কিনি মিন খাতা-ইয়াইয়া কামা ইউনাক্কাছ্ ছাওবুল আব-ইয়াজু মিনাদ্দানাছ, আল্লাহুম্মাগছিলনি মিন খাতা-ইয়াইয়া বিল মা-য়ি, অচ্ছালজি, অল বাৰ্দ।
অথবা এইটো পঢ়িব লাগে- "ছুবহানাকা আল্লাহুম্মা অবিহামদিকা, অতাবাৰাকাছমুকা, অতাআলা জাদ্দুকা, অলা-ইলাহা গাইৰুকা,"
৬- তাৰ পিছত এইদৰে তাআওউজ পঢ়িবঃ আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। অৰ্থঃ মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ ৭- ইয়াৰ পিছত বিছমিল্লাহ পঢ়ি ছুৰা ফাতিহা পাঠ কৰিবঃ বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১) আলহামদুলিল্লা-হি ৰাব্বিল আলামীন। (২) আৰ-ৰহমানিৰ ৰাহীম। (৩) মা-লিকি ইয়াওমিদ্দীন। (৪) ইয়্যাকানা’বুদু ওৱা ইয়্যাকানাছতাঈন। (৫) ইহদিনাছ চিৰাত্বল মুস্তাক্বীম। (৬) চিৰাত্বল লাজীনা আনআমতা আলাইহিম, গাইৰিল মাগদ্বুবি আলাইহিম অলাজ দ্বল্লীন। (৭) (ছুৰা আল-ফাতিহাঃ ১-৭)
ইয়াৰ পিছত ক'ব (আমীন) অৰ্থাৎ হে আল্লাহ! তুমি কবুল কৰা।
৮- ইয়াৰ পিছত কোৰআনৰ পৰা কিছু তিলাৱত কৰিব। বিশেষকৈ ফজৰৰ চালাতত দীৰ্ঘ তিলাৱত কৰিব লাগে।
৯- ইয়াৰ পিছত ৰূকু কৰিব। অৰ্থাৎ আল্লাহৰ সন্মানাৰ্থে পিঠি বেকা কৰি হালিব লাগিব। ৰূকু কৰাৰ সময়ত তাকবীৰ ক'ব লাগিব আৰু দুয়ো হাত কান্ধলৈকে উত্তোলন কৰিব লাগিব। ছুন্নত হৈছে, পিঠি আৰু মূৰ সমতলকৈ ৰখা আৰু হাতৰ আঙুলিবোৰ ফাক ৰাখি মজবুতভাৱে আঠু ধাৰণ কৰা।
১০- ৰূকুত "ছুবহানা ৰাব্বিয়াল আজীম" তিনিবাৰ পঢ়িব লাগে। ইয়াৰ ওপৰিও যদি "ছুবহানাকা আল্লাহুম্মা অবিহামদিকা, আল্লাহুম্মাগফিৰলী" পঢ়ে তেন্তে উত্তম।
১১- ইয়াৰ পিছত "ছামিআল্লাহু লিমান হামিদাহ" বুলি কৈ ৰূকুৰ পৰা মূৰ উঠাব, আৰু তেতিয়া দুয়ো হাত কান্ধলৈকে উত্তোলন কৰিব। মুক্তাদিয়ে "ছামিআল্লাহু লিমান হামিদাহ" কোৱাৰ প্ৰয়োজন নাই, মুক্তাদিয়ে ইয়াৰ পৰিবৰ্তে কেৱল "ৰাব্বানা অলাকাল হাম্দ" ক'লেই হ'ব।
১২- মূৰ উঠোৱাৰ পিছত এই দুআ ক'বঃ ৰাব্বানা অলাকাল হাম্দ, মিলআচ ছামাৱাতি, অমিলআল আৰজ, অমিলআ মা শ্বি'তা মিন শ্বাইয়িম বাদ।
১৩- ইয়াৰ পিছত প্ৰথম ছাজদাহ কৰিব আৰু ছাজদাহ কৰাৰ সময়ত আল্লাহু আকবাৰ বুলি ক'ব। সাতটা অংগৰে ছাজদাহ কৰিবঃ কপাল আৰু নাক, দুই হাত, দুই আঠু, দুই চৰণ। দুয়ো বাহু কাষৰ পৰা আঁতৰত ৰাখিব লাগিব, দুয়ো হাত কিলাকুটিলৈকে যাতে মাটিত প্ৰসাৰিত নহয়। লগতে আঙুলিবোৰ যাতে কিবলামুখী থাকে।
১৪- ছাজদাত "ছুবহানা ৰাব্বিয়াল আ'লা" তিনিবাৰ পঢ়িব। ইয়াৰ ওপৰিও যদি "ছুবহানাকা আল্লাহুম্মা অবিহামদিকা, আল্লাহুম্মাগফিৰলী" পঢ়ে তেন্তে উত্তম।
১৫- ইয়াৰ পিছত "আল্লাহু আকবাৰ" বুলি কৈ ছাজদাৰ পৰা মূৰ তুলিব।
১৬-ইয়াৰ পিছত দুই ছাজদাৰ মাজত বাওঁ ভৰি পাৰি তাৰ ওপৰত বহিব, সোঁ ভৰি থিয়কৈ ৰাখিব, তাৰ পিছত সোঁ হাত সোঁ উৰুৰ ওপৰত আঠুৰ কাষত ৰাখিব। লগতে কনিষ্ঠা আৰু অনামিকা আঙুলিৰে মুঠি বান্ধি, বৃদ্ধাঙ্গুলি আৰু মধ্যমা আঙুলিৰে গোলাকাৰ ৰিং বনাই তৰ্জনী আঙুলিৰে ইংগিত কৰিব। ইপিনে বাওঁ উৰুৰ ওপৰত আঠুৰ কাষত বাওঁহাত ৰাখিব, আঙুলিবোৰ যাতে প্ৰসাৰিত হৈ থাকে।
১৭- দুই ছাজদাৰ মাজৰ বৈঠকত এই দুআ পঢ়িবঃ ৰাব্বিগ ফিৰলী, অৰহামনী, অহদিনী, অৰঝুকনী, অজবুৰনী, ওৱা আ-ফিনী।
১৮- ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ দ্বিতীয় ছাজদাহ কৰিব, প্ৰথম ছাজদাত যি যি কৈছিল ইয়াতো তাকেই ক'ব।
১৯- তাৰ পিছত আল্লাহু আকবাৰ বুলি কৈ দ্বিতীয় ছাজদাৰ পৰা উঠি থিয় হ'ব আৰু দ্বিতীয় ৰাকাত পঢ়িব, প্ৰথম ৰাকাতত যেনেকৈ কৰিছিল আৰু যি যি কৈছিল সেইবোৰেই দ্বিতীয় ৰাকাতত কৰিব। কেৱল দুআ-এ-ইস্তিফতাহ পাঠ কৰাৰ প্ৰয়োজন নাই।
২০- দ্বিতীয় ৰাকাতৰ শেষৰ ছাজদাৰ পৰা আল্লাহু আকবাৰ বুলি কৈ উঠিব আৰু দুই ছাজদাৰ মাজত যেনেকৈ বহিছিল সেইদৰে ইয়াত বৈঠক কৰিব লাগিব।
২১- এই বৈঠকত তাশ্বাহহুদ পাঠ কৰিব লাগিব। এতেকে এই দুআ পাঠ কৰিবঃ ("আত্তাহিয়্যাতু লিল্লা-হি অচ্ছালাৱাতু অত-তায়্যিবাতু, আচ্ছালামু আলাইকা আইয়্যুহান নাবীয়্যু অৰাহমাতুল্লাহি অবাৰাকাতুহ, আচ্ছালামু আলাইনা ৱাআলা ইবাদিল্লাহিচ্ছলিহীন, আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ।" "আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।" "আউজুবিল্লাহি মিন আজাবি জাহান্নাম, অমিন আজাবিল কবৰ, অমিন ফিতনাতিল মাহয়া অলমামাত, অমিন ফিতনাতিল মাছীহিদ দাজ্জাল।") ইয়াৰ পিছত পৃথিৱী আৰু আখিৰাতৰ কল্যাণ কামনা কৰি নিজৰ পছন্দ অনুযায়ী আল্লাহৰ ওচৰত দুআ কৰিব।
২২- ইয়াৰ পিছত সোঁফালে "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" আৰু বাওঁ ফালেও এই বুলি কৈ ছালাম ফিৰাব।
২৩- আৰু যদি চালাত তিনি ৰাকাতবিশিষ্ট নাইবা চাৰি ৰাকাত বিশিষ্ট হয় তেন্তে কেৱল "আশ্বহাদু আন-লা ইলা-হা ইল্লাল্লাহু, ৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু অৰাছুলুহ", লৈকেই পঢ়িব লাগিব।
২৪- ইয়াৰ পিছত আল্লাহু আকবাৰ বুলি কৈ থিয় হ'ব আৰু দুয়ো হাত কান্ধ বৰাবৰ উত্তোলন কৰিব।
২৫- ইয়াৰ পিছত পঢ়িবলগীয়া ৰাকাত কেইটা দ্বিতীয় ৰাকাতৰ দৰেই আদায় কৰিব। কিন্তু কেৱল ছুৰা ফাতিহাৰ বাহিৰে অন্য কোনো ছুৰা মিলোৱাৰ প্ৰয়োজন নাই।
২৬- ইয়াৰ পিছত শেষ বৈঠকত তাৱাৰ্ৰুক কৰিব। অৰ্থাৎ সোঁ ভৰি থিয় কৰাই বাওঁ ভৰিক সোঁ ভৰিৰ কলাফুলিৰ তলেৰে পাৰ কৰাই মাটিত বহিব। লগতে দুয়ো হাত দুয়ো উৰুৰ ওপৰত ৰাখিব, যেনেকৈ প্ৰথম তাশ্বাহহুদৰ বৈঠকত ৰাখিছিল।
২৭- এই বৈঠকত সম্পূৰ্ণ তাশ্বাহহুদ পাঠ কৰিব।
২৮- ইয়াৰ পিছত সোঁফালে "আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহ" আৰু বাওঁ ফালেও এই বুলি কৈ ছালাম ফিৰাব।

উত্তৰ- আস্তাগফিৰুল্লাহ (মই আল্লাহৰ ওচৰত ক্ষমা বিচাৰোঁ) তিনিবাৰ ক'ব।
আল্লাহুম্মা আন্তাছ ছালাম, অমিনকাছ ছালাম, তাবাৰাকতা ইয়া যাল-জালালি অল-ইকৰাম। (হে আল্লাহ তুমিয়েই শান্তিময়, আৰু তোমাৰ পৰাই শান্তি বৰ্ষণ হয়, হে মহিমাময় আৰু মহানুভৱ! তুমি মহা বৰকতময়।)
লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। আল্লাহুম্মা লা মানিআ লিমা আ'ত্বাইতা, অলা মু'ত্বিয়া লিমা মানা'তা। অলা য়ানফাউ যাল-জাদ্দি মিনকাল জাদ্দু। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। হে আল্লাহ! তুমি যিটো দিব বিচৰা সেইটো কোনেও ৰোধ কৰিব নোৱাৰে আৰু তুমি যিটোক বাধা দিয়া সেইটো কোনেও প্ৰদান কৰিব নোৱাৰে। লগতে কোনো মৰ্যাদাৱানৰ মৰ্যাদাই তোমাৰ ওচৰত কোনো উপকাৰ কৰিব নোৱাৰে।
লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ। অলা না'বুদু ইল্লা ইয়্যাহ, লাহুন নি'মাহ, অলাহুল ফজল, অলাহুচ ছানা উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিচীনা লাহুদ দ্বীন, অলাও কাৰিহাল কাফিৰূন। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান। সৰ্বশক্তিমান আল্লাহৰ বাহিৰে আন কাৰো শক্তি নাই তথা ক্ষমতাও নাই। আমি একমাত্ৰ তেওঁৰেই ইবাদত কৰোঁ। নিয়ামত একমাত্ৰ তেওঁৰেই আৰু তেওঁৰেই অনুগ্ৰহ আৰু উত্তম প্ৰশংসা তেওঁৰ বাবেই নিৰ্দিষ্ট। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। যাৱতীয় ইবাদত নিৰ্ভেজালভাৱে একমাত্ৰ তেওঁৰেই প্ৰাপ্য, যদিও কাফিৰসকলে অপছন্দ কৰে।
ছুবহানাল্লাহ (আল্লাহ অতি পৱিত্ৰ)
৩৩ বাৰ পঢ়িব।
আলহাম্দুলিল্লাহ (যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে) ৩৩ বাৰ পঢ়িব।
আল্লাহু আকবাৰ (আল্লাহ মহান) ৩৩ বাৰ পঢ়িব।
ইয়াৰ পিছত এশ সম্পূৰ্ণ কৰিবলৈ এই দুআ পঢ়িবঃ লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব তেওঁৰেই আৰু প্ৰশংসাও কেৱল তেওঁৰেই। তেওঁ সকলো ক্ষেত্ৰতে ক্ষমতাৱান।)
ফজৰ আৰু মাগৰিবৰ পিছত ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু নাছ তিনিবাৰকৈ পঢ়িব। জোহৰ, আচৰ আৰু ঈশ্বাৰ পিছত এবাৰকৈ পঢ়িব।
এবাৰ আয়াতুল কুৰ্ছী পাঠ কৰিব।

উত্তৰ- দুই ৰাকাত ফজৰৰ আগত।
চাৰি ৰাকাত জোহৰৰ আগত।
দুই ৰাকাত জোহৰৰ পিছত।
দুই ৰাকাত মাগৰিবৰ পিছত।
দুই ৰাকাত ঈশ্বাৰ পিছত।
ইয়াৰ ফজিলত সম্পৰ্কে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে দিনে ৰাতি ১২ ৰাকাত নফল (ছুন্নত) চালাত আদায় কৰে, আল্লাহে তেওঁৰ বাবে জান্নাতত এটি ঘৰ নিৰ্মাণ কৰে। মুছলিম আৰু আহমদে হাদীছটো বৰ্ণনা কৰিছে।

উত্তৰ- সপ্তাহৰ উত্তম দিন হৈছে শুক্ৰবাৰ। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ দিনসমূহৰ মাজত সৰ্বোৎকৃষ্ট দিন হৈছে জুমুআৰ দিন। এই দিৱসতেই আদম আলাইহিচ্ছালামক সৃষ্টি কৰা হৈছে আৰু এই দিৱসতেই শিঙাত ফুঁ দিয়া হ'ব। এই দিৱসতেই সকলো সৃষ্টি অচেতন হৈ পৰিব। গতিকে এইদিনা তোমালোকে মোৰ প্ৰতি অধিক পৰিমাণে দৰূদ পাঠ কৰিবা, কাৰণ তোমালোকে পাঠ কৰা দৰূদ মোৰ ওচৰত উপস্থাপন কৰা হয়। বৰ্ণনাকাৰীয়ে কৈছেঃ প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! আপোনাৰ শৰীৰ দেখোন গেলি-পচি যাব অৰ্থাৎ ক্ষয়প্ৰাপ্ত হ'ব, তেনে অৱস্থাত আমাৰ দৰূদ আপোনাৰ ওচৰত কেনেকৈ উপস্থাপন কৰা হ'ব? তেতিয়া তেখেতে ক'লেঃ নিশ্চয় আল্লাহে নবীসকলৰ শৰীৰক (বিনষ্ট কৰিবলৈ) মাটিৰ বাবে হাৰাম কৰি দিছে। ইয়াক আবু দাউদে বৰ্ণনা কৰিছে।

উত্তৰ- ফৰজে আঈন। অৰ্থাৎ প্ৰত্যেক প্ৰাপ্তবয়স্ক, বিবেক সম্পন্ন, স্ব-স্থানত বসবাস কৰা মুছলিম পুৰুষৰ ওপৰত অনিবাৰ্য।
আল্লাহে কৈছেঃ হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা। (ছুৰা আল-জুমুআহঃ ৯)

উত্তৰ- জুমুআৰ চালাত হৈছে দুই ৰাকাত, য'ত ইমামে উচ্চস্বৰে কিৰাআত কৰিব লাগে। ইয়াৰ আগতে দুটা খুতবা দিব লাগে।

উত্তৰ- শ্বাৰয়ী কাৰণ নোহোৱাকৈ জুমুআৰ চালাত এৰি দিয়া বৈধ নহয়। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে অৱহেলা কৰি তিনিটা জুমুআহ পৰিত্যাগ কৰে, আল্লাহে তাৰ অন্তৰত মোহৰ মাৰি দিয়ে। ইয়াক আবু দাউদে বৰ্ণনা কৰিছে।

উত্তৰ-
১- গোছল কৰা।
২- সুগন্ধি ব্যৱহাৰ কৰা।
৩- উত্তম কাপোৰ পৰিধান কৰা।
৪- সোনকালে মছজিদত যোৱা।
৫- বেছি বেছি নবীৰ প্ৰতি দৰূদ পাঠ কৰা।
৬- ছুৰা কাহাফ তিলাৱত কৰা।
৭- খোজকাঢ়ি মছজিদলৈ যোৱা।
৮- দুআ কবুল হোৱাৰ সময় অনুসন্ধান কৰা।

উত্তৰ- আব্দুল্লাহ বিন ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ জামাআতৰ চালাত অকলশৰীয়া চালাততকৈ ২৭ গুণ উত্তম। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- মনোযোগ সহকাৰে ধীৰ স্থিৰে আদায় কৰাক খুশ্বু বোলে।
আল্লাহে কৈছেঃ নিশ্চয় মুমিনসকল সফলকাম হৈছে। যিসকলে নিজৰ ছালাতত ভীতি-অৱনত। (ছুৰা আল-মুমিনূনঃ ১-২)

উত্তৰ- জাকাত হৈছে এনেকুৱা এটা ওৱাজিব হক, যিটো নিৰ্দিষ্ট পৰিমাণ সম্পদৰ পৰা এটা নিৰ্দিষ্ট অংশ কিছুমান নিৰ্দিষ্ট লোকৰ বাবে নিৰ্দিষ্ট সময়ত উলিয়াব লাগে।
এইটো ইছলামৰ এটা ৰুকন তথা ওৱাজিব চাদাক্বাহ, যিটো ধনী লোকৰ পৰা সংগ্ৰহ কৰি দুখীয়া দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰি দিয়া হয়।
আল্লাহে কৈছেঃ আৰু জাকাত প্ৰদান কৰা। (ছুৰা আল-বাক্বাৰাহঃ ৪৩)

উত্তৰ- জাকাতৰ বাহিৰে প্ৰদান কৰা প্ৰতিটো দানেই হৈছে চাদাক্বাহ। উদাহৰণস্বৰূপে কল্যাণৰ উদ্দেশ্যে যিকোনো বস্তু যিকোনো সময়ত দান কৰাটোৱে হৈছে চাদাক্বাহ।
আল্লাহে কৈছেঃ আৰু তোমালোকে আল্লাহৰ পথত ব্যয় কৰা। (ছুৰা আল-বাক্বাৰাহঃ ১৯৫)

উত্তৰ- আল্লাহৰ ইবাদতৰ নিয়ত কৰি ফজৰ উদয় হোৱাৰ পৰা সূৰ্যাস্তলৈকে ৰোজা ভংগ হোৱাৰ কাৰণসমূহৰ পৰা বিৰত থকাকে চিয়াম বোলে। চিয়াম হৈছে দুই প্ৰকাৰঃ
অনিবাৰ্য চিয়ামঃ যেনে- ৰমজান মাহৰ চিয়াম, আৰু এইটো ইছলামৰ এটা ৰুকন।
আল্লাহে কৈছেঃ হে ঈমান্দাৰসকল! তোমালোকৰ ওপৰত চিয়াম ফৰজ কৰা হৈছে যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ ওপৰত ফৰজ কৰা হৈছিল, যাতে তোমালোকে তাক্বৱা অৱলম্বন কৰা। (ছুৰা আল-বাক্বাৰাহঃ ১৮৩)
অন্যান্য চিয়ামঃ যেনে- প্ৰতি সপ্তাহৰ সোমবাৰ আৰু বৃহস্পতিবাৰৰ চিয়াম। প্ৰতি মাহৰ তিনিটা চিয়াম, উত্তম হৈছে প্ৰতি চন্দ্ৰ মাহৰ ১৩, ১৪, ১৫ তাৰিখে পালন কৰা। ইয়াক আয়্যামে বীদ্ব বুলি কোৱা হয়।

উত্তৰ- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত ৰমজান মাহৰ চওম পালন কৰে, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়। মুত্তাফাক্ব আলাইহ

উত্তৰ- আবু ছাঈদ আল-খুদৰী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিজন বান্দাই আল্লাহৰ পথত এদিন ৰোজা পালন কৰে, সেই এদিনৰ বিনিময়ত আল্লাহে তাক জাহান্নামৰ পৰা সত্তৰ বছৰ দূৰত আঁতৰাই দিয়ে। মুত্তাফাক্ব আলাইহ
হাদীছত উল্লিখিত (سبعين خريفًا) অৰ্থাৎ সত্তৰ বছৰ।

উত্তৰ- ১- জানি বুজি কিবা খোৱা।
২- জানি বুজি বমি কৰা।
৩- মুৰতাদ হোৱা বা ইছলামৰ পৰা আঁতৰি যোৱা।

উত্তৰ- ১- ইফতাৰ কৰাত পলম নকৰা।
২- ছাহৰি খোৱা, তথা শেষ সময়ত খোৱা।
৩- ইবাদত তথা কল্যাণকৰ আমল বেছি বেছি কৰা।
৪- ৰোজাদাৰক যদি কোনোবাই গালি পাৰে তেন্তে এই বুলি কোৱা যে, মই ৰোজা লৈছোঁ।
৫- ইফতাৰৰ সময়ত দুআ কৰা।
৬- খেজুৰৰ দ্বাৰা ইফতাৰ কৰা, যদি খেজুৰ নাথাকে তেন্তে পানীৰে কৰা।

উত্তৰ- হজ্জ হৈছে আল্লাহৰ উদ্দেশ্যে কৰা এটা ইবাদত, যিটো পালন কৰিবলৈ বাইতুল্লাহিল হাৰামত গৈ কিছুমান নিৰ্দিষ্ট আমল নিৰ্দিষ্ট সময়ত আদায় কৰা হয়।
আল্লাহে কৈছেঃ মানুহৰ মাজৰ পৰা তাত যাবলৈ যাৰ সামৰ্থ আছে, আল্লাহৰ উদ্দেশ্যে সেই ঘৰৰ হজ্জ কৰা তাৰ বাবে জৰুৰী কৰ্তব্য। আনহাতে যিয়ে কুফৰী কৰিব সি জানি থোৱা উচিত, নিশ্চয় আল্লাহ সৃষ্টিজগতৰ মুখাপেক্ষী নহয়। (ছুৰা আলে-ইমৰাণঃ ৯৭)

উত্তৰ- ১-ইহৰাম।
২- আৰাফাত অৱস্থান কৰা।
৩- তাৱাফে ইফাজাহ কৰা।
৪- চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰা।

উত্তৰ- আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ যি ব্যক্তিয়ে হজ্জ পালন কৰিলে আৰু (সেই হজ্জ কৰা সময়ত) কোনো ধৰণৰ অশ্লীল কৰ্ম কৰা নাই আৰু পাপকৰ্মও কৰা নাই, এনেকুৱা ব্যক্তি ঠিক সেইদিনৰ দৰে (নিষ্পাপ হৈ) ঘৰলৈ উভতিব, যিদিনা তাৰ মাকে তাক প্ৰসৱ কৰিছিল। (বুখাৰীয়ে বৰ্ণনা কৰিছে)
(كيوم ولدته أمه) অৰ্থাৎ নিষ্পাপ হৈ উভতিব।

উত্তৰ- ওমৰাহ হৈছে আল্লাহৰ উদ্দেশ্যে কৰা এটা ইবাদত, যিটো পালন কৰিবলৈ বাইতুল্লাহিল হাৰামত গৈ কিছুমান নিৰ্দিষ্ট আমল পালন কৰা হয়। এইটো পালন কৰিবলৈ কোনো নিৰ্দিষ্ট সময় নাই। যিকোনো সময়তে পালন কৰিব পাৰি।

উত্তৰ- ১- ইহৰাম।
২- বাইতুল্লাহৰ তাৱাফ কৰা।
৩- চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰা।

উত্তৰ- ইছলাম প্ৰচাৰ কৰিবলৈ সৰ্বতো প্ৰকাৰে চেষ্টা কৰা, ইছলাম আৰু মুছলিমৰ হৈ প্ৰতিৰক্ষা কৰা তথা ইছলামৰ শত্ৰুৰ সৈতে যুদ্ধ কৰা।
আল্লাহে কৈছেঃ অভিযানলৈ ওলাই পৰা, পাতল অৱস্থাতেই হওক নাইবা গধূৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন! (ছুৰা আত-তাওবাহঃ ৪১)