তাফছীৰ বিভাগ

উত্তৰ- ছুৰা আল-ফাতিহা আৰু ইয়াৰ তাফছীৰঃ
বিছমিল্লাহিৰ ৰহমানিৰ ৰাহীম। (১) {(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।} আলহামদুলিল্লা-হি ৰাব্বিল আলামীন। (২) {সকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।} আৰ-ৰহমানিৰ ৰাহীম। (৩) {যিজন পৰম কৰুণাময়, পৰম দয়ালু।} মা-লিকি ইয়াওমিদ্দীন। (৪) {বিচাৰ দিৱসৰ মালিক।} ইয়্যাকানা’বুদু ওৱা ইয়্যাকানাছতাঈন। (৫) {আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।} ইহদিনাছ চিৰাত্বল মুস্তাক্বীম। (৬) {আমাক সৰল পথৰ হিদায়ত দিয়া।} চিৰাত্বল লাজীনা আনআমতা আলাইহিম, গাইৰিল মাগদ্বুবি আলাইহিম অলাদ্ব দ্বল্লীন। (৭) {তেওঁলোকৰ পথ, যিসকলক তুমি নিয়ামত (অনুগ্ৰহ) প্ৰদান কৰিছা, সিহঁতৰ নহয়, যিসকলৰ ওপৰত তোমাৰ ক্ৰোধ আপতিত হৈছে আৰু সিহঁতৰো নহয় যিসকল পথভ্ৰষ্ট হৈছে।} (ছুৰা আল-ফাতিহাঃ ১-৭)
তাফছীৰ
ছুৰা আল-ফাতিহা (আৰম্ভণি) এই নামেৰে নামকৰণ কৰাৰ কাৰণ হৈছে, ইয়াৰ দ্বাৰাই আল্লাহৰ কিতাবৰ আৰম্ভণি হয়।
1- (بِسْمِ اللَّهِ الرَّحْمَنِ الرَّحِيمِ) অৰ্থাৎ মই আল্লাহৰ নামৰ বৰকতলৈ তেওঁৰ সহায় প্ৰাৰ্থনা কৰি তেওঁৰ নামৰ দ্বাৰা কোৰআন তিলাৱত আৰম্ভ কৰিলোঁ।
(الله) অৰ্থাৎ সত্য উপাস্য, পৱিত্ৰ মহান আল্লাহৰ বাহিৰে আন কাৰো বাবে এই নাম প্ৰযোজ্য নহয়।
(الرَّحْمَن) অৰ্থাৎ প্ৰশস্ত ৰহমতৰ অধিকাৰী, যি ৰহমতে প্ৰতিটো বস্তুকে পৰিবেষ্টন কৰি আছে।
(الرَّحِيم) অৰ্থাৎ মুমিনসকলৰ প্ৰতি দয়ালু।
২- (الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ) অৰ্থাৎ সকলো প্ৰকাৰৰ প্ৰশংসা তথা পৰিপূৰ্ণতা একমাত্ৰ আল্লাহৰ বাবে।
৩- (الرَّحْمَنِ الرَّحِيمِ) অৰ্থাৎ প্ৰশস্ত ৰহমতৰ অধিকাৰী, যি ৰহমতে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। লগতে এনেকুৱা ৰহমতৰো অধিকাৰী যিটো কেৱল মুমিনসকলে লাভ কৰিব।
৪- (مَالِكِ يَوْمِ الدِّينِ) অৰ্থাৎ কিয়ামত দিৱসৰ মালিক।
৫- (إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ) অৰ্থাৎ আমি একমাত্ৰ তোমাৰেই ইবাদত কৰোঁ, আৰু একমাত্ৰ তোমাৰ ওচৰতেই সহায় প্ৰাৰ্থনা কৰোঁ।
৬- (اهْدِنَا الصِّرَاطَ الْمُسْتَقِيمَ) অৰ্থাৎ ইছলাম আৰু সঠিক পথৰ হিদায়ত দিয়া।
৭- (صِرَاطَ الَّذِينَ أَنْعَمْتَ عَلَيْهِمْ غَيْرِ الْمَغْضُوبِ عَلَيْهِمْ وَلَا الضَّالِّينَ) অৰ্থাৎ নবী আৰু তেওঁলোকৰ অনুসাৰী আল্লাহৰ নেক বান্দাসকলৰ পথ।ইয়াহুদী আৰু খৃষ্টানসকলৰ পথ নহয়।
-এই ছুৰা পাঠ কৰাৰ পিছত আমীন কোৱা ছুন্নত। আমীনৰ অৰ্থ হৈছেঃ হে আল্লাহ! কবূল কৰা।

উত্তৰ- ছুৰা আজ-ঝালঝালাহ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ইজা ঝুলঝিলাতিল আৰযু ঝিল ঝা-লাহা। (১) {পৃথিৱী যেতিয়া প্ৰবল কম্পনত প্ৰকম্পিত হ’ব,} ওৱা আখৰাজাতিল আৰযু আছক্বা-লাহা। (২) {আৰু পৃথিৱীয়ে তাৰ ভিতৰত থকা বোজাবোৰ উলিয়াই দিব,} অক্বা-লাল ইনছানু মা-লাহা। (৩) {আৰু মানুহে ক’ব, ইয়াৰ কি হ’ল?} ইয়াওমা ইজিন তুহাদ্দিছু আখবা-ৰাহা। (৪) {সেইদিনা পৃথিৱীয়ে তাৰ বৃত্তান্ত বৰ্ণনা কৰিব,} বি আন্না ৰাব্বাকা আওহা-লাহা। (৫) {কাৰণ তোমাৰ প্ৰতিপালকে তাক নিৰ্দেশ দিছে,} ইয়াওমা-ইজিঁ য়াচদুৰুন না-ছু আশ্বতা-তাল, লিউৰাও আ'মালাহুম। (৬) {সেইদিনা মানুহে ভিন্ ভিন্ দলত ওলাই আহিব যাতে সিহঁতক সিহঁতৰ কৃতকৰ্মবোৰ দেখুৱাব পৰা যায়,} ফামাইঁ য়া'মাল মিছক্বা-লা জাৰ্ৰাতিন খাইৰাইঁ য়াৰাহ। (৭) {এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব।} অমাইঁ য়া'মাল মিছক্বা-লা জাৰ্ৰাতিন শ্বাৰ্ৰাইঁ য়াৰাহ। (৮) {আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।} (ছুৰা আজ-ঝালঝালাহঃ ১-৮)
তাফছীৰ
১- (إِذَا زُلْزِلَتِ الْأَرْضُ زِلْزَالَهَا) যেতিয়া পৃথিৱী প্ৰবলভাৱে প্ৰকম্পিত হ'ব, আৰু কিয়ামতৰ দিনা তাৰ যাৱতীয় সংবাদ বৰ্ণনা কৰিব।
২- (وَأَخْرَجَتِ الْأَرْضُ أَثْقَالَهَا) আৰু পৃথিৱীয়ে তাৰ গৰ্ভত থকা মৃত ব্যক্তি আৰু অন্যান্য বস্তুবোৰ উলিয়াই দিব।
৩- (وَقَالَ الْإِنْسَانُ مَا لَهَا) আৰু মানুহে হয়ৰান পৰেচান হৈ ক'বঃ পৃথিৱীৰ আকৌ কি হ'ল, কিয় ইমান প্ৰবলভাৱে কঁপি আছে?
৪- (يَوْمَئِذٍ تُحَدِّثُ أَخْبَارَهَا) সেই ভীষণ দিৱসত পৃথিৱীয়ে কৈ দিব যে, তাৰ ওপৰত (মানুহে বসবাস কৰি) কি কি ভাল-বেয়া কৰ্ম কৰিছিল।
৫- (بِأَنَّ رَبَّكَ أَوْحَى لَهَا) কাৰণ আল্লাহেই ভালকৈ জানে আৰু তেৱেঁই ইয়াৰ নিৰ্দেশ দিছে।
৬- (يَوْمَئِذٍ يَصْدُرُ النَّاسُ أَشْتَاتًا لِيُرَوْا أَعْمَالَهُمْ) সেই ভীষণ দিনটোত যেতিয়া পৃথিৱীক বাৰে বাৰে প্ৰবলভাৱে কপোৱা হ'ব। মানুহে হিচাপ- নিকাচৰ স্থানৰ পৰা দলবদ্ধভাৱে ওলাই আহিব। যাতে পৃথিৱীত কৰা নিজৰ নিজৰ আমলসমূহ প্ৰত্যক্ষ কৰিব পাৰে।
৭- (فَمَنْ يَعْمَلْ مِثْقَالَ ذَرَّةٍ خَيْرًا يَرَهُ) কোনোবাই যদি সৰু পৰুৱাৰ সমানো নেক আমল কৰিছে তেন্তে তেওঁ সেইটো সেইদিনা নিজৰ সন্মুখত দেখা পাব।
৮- (وَمَنْ يَعْمَلْ مِثْقَالَ ذَرَّةٍ شَرًّا يَرَهُ) আনহাতে যদি কোনোবাই সেই পৰিমাণ বেয়া কৰ্ম কৰিছে তেন্তে সিও সেইটো সেইদিনা নিজৰ সন্মুখত দেখা পাব।

উত্তৰ- ছুৰা আল-আদিয়াত আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
অল আ-দিয়া-তি দ্বাবহা। (১) {শপত ঊৰ্ধ্বশ্বাসত দৌৰি যোৱা ঘোঁৰাবোৰৰ,} ফাল মূৰিয়া-তি ক্বাদহা। (২) {যিবোৰে ক্ষুৰৰ আঘাতত ফিৰিঙতি উৰুৱায়,} ফাল মুগীৰা-তি ছুবহা। (৩) {যিবোৰে প্ৰভাতকালত আক্ৰমণ কৰে,} ফাআছাৰনা বিহি নাক্বআ। (৪) {ফলত সিহঁতে ইয়াৰ দ্বাৰা ধূলি উৰুৱায়;} ফাৱাছাত্বনা বিহি জামআ। (৫) {আৰু ইয়াৰ দ্বাৰা শত্ৰু দলৰ অভ্যন্তৰত সোমাই পৰে।} ইন্নাল ইংছা-না লিৰাব্বিহি লাকানূদ। (৬) {নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি অতিকৈ অকৃতজ্ঞ,} অইন্নাহু আলা জালিকা লাশ্বাহীদ। (৭) {নিশ্চয় সি এই বিষয়ে সাক্ষী,} অইন্নাহু লিহুব্বিল খাইৰি লাশ্বাদীদ। (৮) {আৰু নিশ্চয় সি ধন-সম্পদৰ লোভত প্ৰবল।} আফালা য়া'লামু ইজা বু'ছিৰা মা ফিল কুবূৰ। (৯) {সি নাজানে নেকি যে, কবৰত যি আছে সেয়া উত্থিত হ’ব,} অহুচ্ছিলা মা ফিচ্ছুদূৰ। (১০) {আৰু অন্তৰত যি আছে সেয়া প্ৰকাশিত হ’ব?) ইন্না ৰাব্বাহুম বিহিম ইয়াওমা ইজিল লাখাবীৰ। (১১) {নিশ্চয় সিহঁতৰ প্ৰতিপালক সেইদিনা সিহঁতৰ অৱস্থা সম্পৰ্কে সবিশেষ অৱহিত।} (ছুৰা আল-আদিয়াতঃ ১-১১)
তাফছীৰ
১- (وَالْعَادِيَاتِ ضَبْحًا) আল্লাহ তাআলাই সেই ঘোঁৰাৰ শপত কৰিছে, যাৰ তীব্ৰ দৌৰৰ কাৰণে তাৰ উশাহৰ শব্দ শুনা যায়।
২- (فَالْمُورِيَاتِ قَدْحًا) আৰু সেই ঘোঁৰাৰ শপত কৰিছে, যি ঘোঁৰাই শিলৰ ওপৰত দৌৰাৰ ফলত তাৰ ক্ষুৰৰ আঘাতত ফিৰিঙতি ওলায়।
৩- (فَالْمُغِيرَاتِ صُبْحًا) আৰু সেইবোৰ ঘোঁৰাৰ শপত কৰিছে, যিবোৰে প্ৰভাতকালত শত্ৰুৰ ওপৰত আক্ৰমণ কৰে।
৪- (فَأَثَرْنَ بِهِ نَقْعًا) আকৌ যিবোৰে দৌৰৰ জৰিয়তে ধূলি উৰুৱায়।
৫-(فَوَسَطْنَ بِهِ جَمْعًا) আকৌ যিবোৰে আৰোহীৰ সৈতে শত্ৰু দলৰ অভ্যন্তৰত সোমাই যায়।
৬- (إِنَّ الْإِنْسَانَ لِرَبِّهِ لَكَنُودٌ) বাস্তৱত মানুহে সেই পূণ্য কৰ্মৰ পৰা বহু দূৰত অৱস্থান কৰে যিটো তাৰ প্ৰতিপালকে তাৰ পৰা বিচাৰে।
৭- (وَإِنَّهُ عَلَى ذَلِكَ لَشَهِيدٌ) আৰু সি পূণ্যৰ কামৰ পৰা পিছুৱাই থকাৰ বাবে সি নিজেই তাৰ সাক্ষী। এয়া ইমান স্পষ্ট কথা যে ইয়াক অস্বীকাৰ কৰিব নোৱাৰি।
৮- (وَإِنَّهُ لِحُبِّ الْخَيْرِ لَشَدِيدٌ) আৰু সি ধনৰ প্ৰবল লোভত পৰিছে, এই বিষয়ে সি কৃপণালিও কৰে।
৯- (أَفَلَا يَعْلَمُ إِذَا بُعْثِرَ مَا فِي الْقُبُورِ) পাৰ্থিৱ জীৱনৰ প্ৰৱঞ্চনাত পৰা ব্যক্তিয়ে নাজানে নেকি যে, যেতিয়া আল্লাহে কবৰত থকা মৃতসকলক জীৱিত কৰিব আৰু তেওঁলোকক হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে ভূমিৰ পৰা উত্থিত কৰিব। কিন্তু বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাবিছে?
১০- (وَحُصِّلَ مَا فِي الصُّدُورِ) আৰু অন্তৰৰ মাজত যি নিয়ত আৰু আস্থা আছে তাক প্ৰকাশ কৰা হ'ব,
১১- (إِنَّ رَبَّهُمْ بِهِمْ يَوْمَئِذٍ لَخَبِيرٌ) নিশ্চয় সিহঁতৰ প্ৰতিপালক সেই দিৱসৰ অৱস্থা সম্পৰ্কে সম্পূৰ্ণ অৱহিত। আল্লাহৰ পৰা বান্দাৰ কোনো কথাই লুকাই নাথাকিব আৰু আল্লাহে সিহঁতক সেইবোৰৰ প্ৰতিদান দিব।

উত্তৰ- ছুৰা আল-ক্বাৰিআহ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
আল-ক্বাৰিআহ। (১) {ভীতিপ্ৰদ মহা বিপদ।} মাল ক্বাৰিআহ। (২) {ভীতিপ্ৰদ মহা বিপদ কি।} অমা আদৰা-কা মাল ক্বাৰিআহ। (৩) {ভীতিপ্ৰদ মহা বিপদ সম্পৰ্কে তুমি কি জানা?} ইয়াওমা য়াকূনুন না-ছু কালফাৰাশ্বিল মাবছূছ। (৪) {সেইদিনা মানুহ হ’ব বিক্ষিপ্ত কীট-পতঙ্গৰ দৰে।} অতাকূনুল জিবালু কাল ইহনিল মাংফূশ্ব। (৫) {আৰু পৰ্বতসমূহ হ’ব ধূনা ৰঙীন ঊণৰ দৰে।} ফা আম্মা মাং ছাকুলাত মাৱাঝীনুহ। (৬) {এতেকে যাৰ তৰ্জুসমূহ গধুৰ হ’ব,} ফাহুৱা ফী ঈশ্বাতিৰ ৰা-দ্বিয়াহ। (৭) {তেওঁ থাকিব সন্তোষজনক জীৱনত;} ওৱা আম্মা মান খাফ্ফাত মাৱাঝীনূহ। (৮) {আৰু যাৰ তৰ্জুসমূহ পাতল হ’ব,} ফা উম্মুহূ হা-ৱিয়াহ। (৯) {তাৰ ঠিকনা হ’ব ‘হা-ৱিয়াহ’।} অমা আদৰা-কা মা-হিয়াহ। (১০) {আৰু তুমি কি জানা সেইটোনো কি?} না-ৰুন হামিয়াহ। (১১) {এইটো হৈছে এটা অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।} (ছুৰা আল-ক্বাৰিআহঃ ১-১১)
তাফছীৰ
১- (الْقَارِعَةُ) সেই ভয়াৱহ সময়, যিয়ে মানুহৰ অন্তৰক কম্পিত কৰিব।
২- (مَا الْقَارِعَةُ) মানুহৰ অন্তৰ কপোৱা সেই ভয়াৱহ সময়টোনো কি?
৩- (وَمَا أَدْرَاكَ مَا الْقَارِعَةُ) হে ৰাছুল আপোনাক কিহে জনাব যে অন্তৰ কপোৱা সেই সময়টোনো কি? নিশ্চিতৰূপে সেয়া হৈছে ক্বিয়ামত দিৱস।
৪- (يَوْمَ يَكُونُ النَّاسُ كَالْفَرَاشِ الْمَبْثُوثِ) যিদিনাখন অন্তৰবোৰ ভীতিপ্ৰদ হ'ব, সেইদিনা মানুহ বিক্ষিপ্ত কীট- পতঙ্গৰ দৰে হ'ব।
৫- (وَتَكُونُ الْجِبَالُ كَالْعِهْنِ الْمَنْفُوشِ) আৰু পৰ্বতবোৰ ধূনা ঊণৰ দৰে পাতল আৰু তীব্ৰ গতিত চলিবলৈ ধৰিব।
৬- (فَأَمَّا مَنْ ثَقُلَتْ مَوَازِينُهُ) এতেকে যাৰ ভাল কৰ্ম, বেয়া কৰ্মতকৈ অধিক হ'ব।
৭- (فَهُوَ فِي عِيشَةٍ رَاضِيَةٍ) তেওঁ জান্নাতত সন্তুষ্টজনক আনন্দ লাভ কৰিব।
৮- (وَأَمَّا مَنْ خَفَّتْ مَوَازِينُهُ) আৰু যাৰ বেয়া কৰ্ম, ভাল কৰ্মতকৈ অধিক হ'ব।
৯- (فَأُمُّهُ هَاوِيَةٌ) ফলত ক্বিয়ামতৰ দিনা তাৰ ঠিকনা তথা বাসস্থান হ'ব জাহান্নাম।
১০- (وَمَا أَدْرَاكَ مَا هِيَهْ) হে ৰাছুল, আপুনি কি জানে সেইটোনো কি?
১১- (نَارٌ حَامِيَةٌ) সেয়া হৈছে অত্যন্ত উত্তপ্ত অগ্নিকুণ্ড।

উত্তৰ- ছুৰা আত-তাকাছুৰ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
আলহাকুমুত তাকাছুৰ। (১) {প্ৰাচুৰ্যৰ প্ৰতিযোগিতায় তোমালোকক অমনোযোগী কৰি ৰাখিছে।} হাত্তা ঝুৰতুমুল মাক্বা-বিৰ। (২) {যেতিয়ালৈকে তোমালোকে কবৰত উপনীত নোহোৱা।} কাল্লা ছাওফা তা'লামূন। (৩) {কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।} ছুম্মা কাল্লা ছাওফা তা'লামূন। (৪) {আকৌ কেতিয়াও নহয়, অতি সোনকালে তোমালোকে জানিবলৈ পাবা।} কাল্লা লাও তা'লামূনা ইলমাল য়াক্বীন। (৫) {কেতিয়াও নহয়, যদি তোমালোকে নিশ্চিতভাৱে জানিলাহেঁতেন।} লাতাৰাওন্নাল জাহীম। (৬) {নিশ্চয় তোমালোকে জাহীম (জাহান্নাম) দেখিবলৈ পাবা।} ছুম্মা লাতাৰাওন্নাহা আইনাল য়াক্বীন। (৭) {আকৌ, নিশ্চয় তোমালোকে ইয়াক পতিয়ন যোৱাকৈ দেখিবা।} ছুম্মা লাতুছ আলুন্না ইয়াওমা ইজিন আনিন নায়ীম। (৮) {তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।} (ছুৰা আত-তাকাছুৰঃ ১-৮)
তাফছীৰ
১- (أَلْهَاكُمُ التَّكَاثُرُ) হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে তোমালোকক আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।
২- (حَتَّى زُرْتُمُ الْمَقَابِرَ) তোমালোকৰ মৃত্যু নহালৈকে তথা তোমালোক কবৰত উপনীত নোহোৱালৈকে (তোমালোকৰ এই অমনোযোগিতা) থাকিয়ে যাব।
৩- (كَلَّا سَوْفَ تَعْلَمُونَ) ধন, সন্তানৰ গৌৰৱৰ কাৰণে আল্লাহৰ ইবাদতৰ পৰা তোমালোকে অমনোযোগী হ'ব নালাগিছিল। তোমালোকে এই অমনোযোগিতাৰ পৰিণাম নিশ্চয় জানিবলৈ পাবা।
৪- (ثُمَّ كَلَّا سَوْفَ تَعْلَمُونَ) তাৰ পিছত তুমি অতি সোনকালে ইয়াৰ পৰিণামৰ বিষয়ে অৱগত হ'বা।
৫- (كَلَّا لَوْ تَعْلَمُونَ عِلْمَ الْيَقِينِ) সত্য কথাটো হৈছে যদি তোমালোকে বিশ্বাস কৰিলাহেঁতেন যে, তোমালোকে পুনৰ জীৱিত হৈ আল্লাহৰ আগত থিয় হ'ব লাগিব। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণাম দিব। তেন্তে তোমালোকে ধন, সন্তানৰ অহংকাৰ কৰি আল্লাহৰ প্ৰতি অমনোযোগী নহ'লাহেঁতেন।
৬- (لَتَرَوُنَّ الْجَحِيمَ) আল্লাহৰ শপত! তোমালোকে ক্বিয়ামতৰ দিনা নিশ্চয় জাহান্নাম দেখিবলৈ পাবা।
৭- (ثُمَّ لَتَرَوُنَّهَا عَيْنَ الْيَقِينِ) আকৌ, তোমালোকে ইয়াক নিশ্চিতৰূপে দেখিবলৈ পাবা। ইয়াত কোনো সন্দেহ নাই।
৮- (ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ) তাৰ পিছত সিদিনাখন আল্লাহে তোমালোকক স্বাস্থ্য আৰু ধন- সম্পত্তি আদি অনুগ্ৰহসমূহৰ বিষয়ে নিশ্চয় সোধ-পোচ কৰিব, যিবোৰ তেওঁ তোমালোকক দান কৰিছিল।

উত্তৰ- ছুৰা আল-আচৰ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
অল আচ্ৰ। (১) {সময়ৰ শপত,} ইন্নাল ইংছানা লাফী খুছ্ৰ। (২) {নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত,} ইল্লাল লাজীনা আ-মানু ৱাআমিলুচ চা-লিহা-তি অতাৱা চাওবিল হাক্কি অতাৱা চাওবিচ চাবৰি। (৩) {কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।} (ছুৰা আল-আচৰঃ ১-৩)
তাফছীৰ
১- (وَالْعَصْرِ) আল্লাহ তাআলাই সময়ৰ শপত কৰিছে।
২- (إِنَّ الْإِنْسَانَ لَفِي خُسْرٍ) নিশ্চয় মানুহ ক্ষতি আৰু ধ্বংসৰ পথত লিপ্ত।
৩- (إِلَّا الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ وَتَوَاصَوْا بِالْحَقِّ وَتَوَاصَوْا بِالصَّبْرِ) কিন্তু যিসকলে আল্লাহ আৰু ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে আৰু এজনে আনজনক সত্যৰ উপদেশ দিয়ে আৰু পৰস্পৰক সত্য পথৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিয়ে। এতেকে এই বৈশিষ্ট্যৰ গৰাকীয়ে পৃথিৱী আৰু পৰকালৰ জীৱনত সফলতা লাভ কৰিব।

উত্তৰ- ছুৰা আল-হুমাঝাহ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
অয়লুল্লিকুল্লি হুমাঝাতিল লুমাঝাহ। (১) {দুৰ্ভোগ প্ৰত্যেক সেই ব্যক্তিৰ বাবে যিয়ে সন্মুখত আৰু অনুপস্থিতিত পৰনিন্দা কৰে।} আল্লাজী জামাআ মালাওঁ ৱাআদ্দাদাহ। (২) {যিয়ে সম্পদ জমা কৰে আৰু বাৰে বাৰে গণনা কৰে।} য়াহছাবু আন্না মা-লাহু আখলাদাহ। (৩) {সি ধাৰণা কৰে যে, তাৰ সম্পদে তাক চিৰজীৱি কৰি ৰাখিব।} কাল্লা লায়ুমবাজান্না ফিল হুত্বামাহ। (৪) {কেতিয়াও নহয়, নিশ্চয় সি হুতামাত নিক্ষিপ্ত হ’ব।} অমা আদৰা-কা মাল হুত্বামাহ। (৫) {আৰু তুমি জানানে, হুতামা কি?} না-ৰুল্লা-হিল মূ-ক্বাদাহ। (৬) {ই হৈছে আল্লাহৰ প্ৰজ্বলিত জুই।} আল-লাতী তাত্তালিউ আলাল আফ ইদাহ। (৭) {যিয়ে হৃদপিণ্ডক গ্ৰাস কৰিব।} ইন্নাহা আলাইহিম মু'চাদাহ। (৮) {নিশ্চয় ই সিহঁতক আৱদ্ধ কৰি ৰাখিব।} ফী আমাদিম মুমাদ্দাদাহ। (৯) {ওখ ওখ স্তম্ভসমূহত।} (ছুৰা আল-হুমাঝাহঃ ১-৯)
তাফছীৰ
১- (وَيْلٌ لِكُلِّ هُمَزَةٍ لُمَزَةٍ) বিনাশ আৰু কঠোৰ শাস্তি সেইসকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু বেয়া ব্যৱহাৰ কৰি ফুৰে।
২- (الَّذِي جَمَعَ مَالًا وَعَدَّدَهُ) যাৰ একমাত্ৰ উদ্দেশ্য হৈছে ধন জমা কৰা আৰু সেয়া বাৰে বাৰে গণনা কৰি ৰখা। ইয়াৰ বাহিৰে তাৰ আৰু আন কোনো উদ্দেশ্য নাই।
৩- (يَحْسَبُ أَنَّ مَالَهُ أَخْلَدَهُ) সি ভাবে যে, তাৰ ধন-সম্পদ, যিবোৰ সি জমা কৰিছে, সেইবোৰে তাক মৃত্যুৰ পৰা বচাব আৰু সি পৃথিৱীত অমৰ হৈ থাকিব।
৪- (كَلَّا لَيُنْبَذَنَّ فِي الْحُطَمَةِ) বিষয়টো তেনেকুৱা নহয় যিদৰে এই মূৰ্খই ভাবিছে। নিশ্চয় তাক জাহান্নামৰ জুইত নিক্ষেপ কৰা হ'ব। যি জুয়ে তাৰ মাজত নিক্ষেপ কৰা সকলো বস্তুকে ধূলি কণাত পৰিণত কৰে।
৫- (وَمَا أَدْرَاكَ مَا الْحُطَمَةُ) হে ৰাছুল, আপোনাক কিহে জনাব যে, সেই অগ্নি কি?
৬- (نَارُ اللَّهِ الْمُوقَدَةُ) সেয়া হৈছে আল্লাহৰ অতি উত্তপ্ত অগ্নি।
৭- (الَّتِي تَطَّلِعُ عَلَى الْأَفْئِدَةِ) যিয়ে মানুহৰ শৰীৰ অতিক্ৰম কৰি তাৰ অন্তৰলৈ ঢুকি পাব।
৮- (إِنَّهَا عَلَيْهِمْ مُؤْصَدَةٌ) ইয়াৰ ভিতৰত সিহঁতক বন্ধ কৰি শাস্তি দিয়া হ'ব।
৯- (فِي عَمَدٍ مُمَدَّدَةٍ) দীঘল দীঘল স্তম্ভৰ সৈতে, যাতে ওলাব নোৱাৰে।

উত্তৰ- ছুৰা আল-ফীল আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
আলাম তাৰা কাইফা ফাআলা ৰাব্বুকা বিআচহা-বিল ফীল। (১) {তুমি দেখা নাইনে, তোমাৰ প্ৰতিপালকে হাতীৰ অধিপতিসকলৰ লগত কি কৰিছিল?} আলাম য়াজআল কাইদাহুম ফী তাদ্বলীল। (২) {তেওঁ সিহঁতৰ ষঢ়যন্ত্ৰ ব্যৰ্থতাত পৰ্যবসিত কৰা নাইনে?} ৱাআৰছালা আলাইহিম ত্বইৰান আবা-বীল। (৩) {আৰু সিহঁতৰ বিৰুদ্ধে তেওঁ জাকে জাকে চৰাই পঠিওৱা নাছিলনে?} তাৰমীহিম বিহিজা-ৰাতিম মিন ছিজ্জীল। (৪) {যিসকলে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।} ফাজাআলাহুম কাআচফিম মা'কূল। (৫) {ফলত তেওঁ সিহঁতক ভক্ষিত তৃণ-সদৃশ কৰিছিল।} (ছুৰা আল-ফীলঃ ১-৫)
তাফছীৰ
১- (أَلَمْ تَرَ كَيْفَ فَعَلَ رَبُّكَ بِأَصْحَابِ الْفِيلِ) হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আব্ৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কা'বা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।
২- (أَلَمْ يَجْعَلْ كَيْدَهُمْ فِي تَضْلِيلٍ) আল্লাহ তাআলাই সিহঁতৰ কা'বা ধ্বংস কৰাৰ চক্ৰান্তক বিফল কৰি দিছিল। ফলত সিহঁতে মানুহক কা'বাৰ পৰা বিমুখ কৰাৰ যি সংকল্প লৈছিল, তাত সিহঁতে সফলতা পোৱা নাছিল আৰু নিৰাশ হৈ উভতিছিল।
৩- (وَأَرْسَلَ عَلَيْهِمْ طَيْرًا أَبَابِيلَ) আৰু সিহঁতৰ প্ৰতি জাকে জাকে চৰাই প্ৰেৰণ কৰিছিল।
৪- (تَرْمِيهِمْ بِحِجَارَةٍ مِنْ سِجِّيلٍ) যিবোৰে সিহঁতৰ ওপৰত পকা টান মাটিৰ শিলগুটি নিক্ষেপ কৰিছিল।
৫- (فَجَعَلَهُمْ كَعَصْفٍ مَأْكُولٍ) ফলত সিহঁতক সেই ভক্ষিত তৃণ সদৃশ কৰিছিল, যিবোৰ জন্তুয়ে খায় আৰু ভৰিৰে মোহাৰি চেপেটা কৰে।

উত্তৰ- ছুৰা কুৰাইশ্ব আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
লি ঈলাফি কুৰাইশ্ব। (১) {যিহেতু ক্বুৰাইছসকল অভ্যস্ত,} ঈলাফিহিম ৰিহলাতাশ্ব শ্বিতা-য়ি অচ-চাইফ। (২) {শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণত সিহঁতৰ আসক্তি আছে।} ফাল য়া'বুদু ৰাব্বা হাজাল বাইত। (৩) {এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে।} আল্লাজী আত্ব আমাহুম মিং জূ-ইওঁ ওৱা আ-মানাহুম মিন খাওফ। (৪) {যিজনে সিহঁতক ক্ষুধা অৱস্থাত খাদ্য প্ৰদান কৰিছে আৰু সন্ত্ৰাসৰ পৰা নিৰাপত্তা দিছে।} (ছুৰা কুৰাইশ্বঃ ১-৪)
তাফছীৰ
১- (لِإِيلَافِ قُرَيْشٍ) ইয়াৰ দ্বাৰা বুজোৱা হৈছে যে, কুৰাইশ্বসকলে শীত আৰু গ্ৰীষ্মকালৰ ভ্ৰমণক অভ্যাসত পৰিণত কৰিছিল।
২- (إِيلَافِهِمْ رِحْلَةَ الشِّتَاءِ وَالصَّيْفِ) শান্তি তথা নিৰাপত্তাৰ সৈতে, শীতকালত ইয়ামানলৈ আৰু গ্ৰীষ্মকালত ছিৰিয়ালৈ ভ্ৰমণ কৰিছিল।
৩- (فَلْيَعْبُدُوا رَبَّ هَذَا الْبَيْتِ) এতেকে সিহঁতে কেৱল সন্মানিত ঘৰৰ প্ৰতিপালক আল্লাহৰ ইবাদত কৰা উচিত। যিয়ে সিহঁতৰ বাবে এই ভ্ৰমণ দুটাক অতি সহজ কৰি দিছে, সিহঁতে তেওঁৰ লগত আন কাকো অংশীদাৰ স্থাপন কৰা উচিত নহয়।
৪- (الَّذِي أَطْعَمَهُمْ مِنْ جُوعٍ وَآمَنَهُمْ مِنْ خَوْفٍ) যিয়ে সিহঁতক ভোকৰ সময়ত খাদ্য খুওৱাইছে আৰু ভয়ৰ পৰা নিৰাপত্তা প্ৰদান কৰিছে। কিয়নো তেওঁ আৰববাসীসকলৰ অন্তৰত কা'বা ঘৰৰ সন্মান আৰু তাৰ অধিবাসীসকলৰ সন্মান ৰাখি দিছে।

উত্তৰ- ছুৰা আল-মাঊন আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
আৰা আইতাল লাজী য়ুকাজ জিবুবিদ্দীন। (১) তুমি তাক দেখিছানে যিয়ে হিচাপ প্ৰতিদানক অস্বীকাৰ কৰে? ফাজালিকাল লাজী য়াদুওউল য়াতীম। (২) সেইজনেই সি, যিয়ে অনাথক কঠোৰভাৱে খেদি পঠিয়ায়, অলা য়াহুজদ্বু আলা ত্বআমিল মিছকীন। (৩) আৰু সি দুখীয়াক খানা খুৱাবলৈ উৎসাহ নিদিয়ে। ফাৱাইলুল লিল মুচাল্লীন। (৪) এতেকে ধ্বংস সেইসকল ছালাত আদায়কাৰীৰ বাবে, আল্লাজীনাহুম আং চালাতিহিম ছা-হূন। (৫) যিসকলে ছালাতত অমনোযোগী, আল্লাজীনাহুম য়ুৰা-ঊন। (৬) যিসকলে আনক দেখুৱাবলৈহে (চালাত আদায়) কৰে, অয়ামনাঊনাল মা-ঊন। (৭) আৰু সৰু-সুৰা গৃহসামগ্ৰী প্ৰদানত বাধা দিয়ে। (ছুৰা আল-মাঊনঃ ১-৭)
তাফছীৰ
১- (أَرَأَيْتَ الَّذِي يُكَذِّبُ بِالدِّينِ) আপুনি সেইজনক চিনি পায়নে, যিয়ে ক্বিয়ামত দিৱসৰ প্ৰতিদানক অস্বীকাৰ কৰে?
২- (فَذَلِكَ الَّذِي يَدُعُّ الْيَتِيمَ) সিয়েই সেই ব্যক্তি, যিয়ে প্ৰয়োজনৰ সময়ত উপস্থিত হোৱা অনাথক কঠোৰ ব্যৱহাৰ কৰি খেদি পঠিয়ায়।
৩- (وَلَا يَحُضُّ عَلَى طَعَامِ الْمِسْكِينِ) আৰু ভিখাৰীক খাদ্য খুৱাবলৈ নিজকো উদ্বদ্ধ নকৰে, আনকি বেলেগকো প্ৰেৰণা নিদিয়ে।
৪- (فَوَيْلٌ لِلْمُصَلِّينَ) ধ্বংস আৰু শাস্তি সেইসকল নামাজীৰ বাবে,
৫- (الَّذِينَ هُمْ عَنْ صَلَاتِهِمْ سَاهُونَ) যিসকলে নিজৰ ছালাতত অমনোযোগী, চালাতৰ প্ৰতি কোনো ভ্ৰূক্ষেপ নকৰে, আনকি নামাজৰ সময় পাৰ হৈ যায়।
৬- (الَّذِينَ هُمْ يُرَاءُونَ) যিসকলে চালাত আৰু অন্যান্য নেক আমল মানুহক দেখুৱাবলৈহে কৰে। আল্লাহৰ বাবে নিৰ্ভেজালভাৱে নকৰে।
৭- (وَيَمْنَعُونَ الْمَاعُونَ) আৰু সেইবোৰ বস্তুৰ জৰিয়তে আনক সহযোগ কৰাত কুণ্ঠাবোধ কৰে যাৰ দ্বাৰা সহযোগ কৰাত কোনো ক্ষতি নাই।

উত্তৰ- ছুৰা আল-কাওছাৰ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ইন্না আ'ত্বইনাকাল কাওছাৰ। (১) {নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।} ফাচাল্লি লিৰাব্বিকা অনহাৰ। (২) {এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কুৰবানী কৰা।} ইন্না শ্বা-নিআকা হুৱাল আবতাৰ। (৩) {নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই হৈছে নিৰ্বংশ।} (ছুৰা আল-কাওছাৰঃ ১-৩)
তাফছীৰ
১- (إِنَّا أَعْطَيْنَاكَ الْكَوْثَرَ) হে ৰাছুল! আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছোঁ। তাৰ মাজৰ এটা অন্যতম হৈছে জান্নাতৰ নদী আল-কাউছাৰ।
২- (فَصَلِّ لِرَبِّكَ وَانْحَرْ) গতিকে এই অনুগ্ৰহ বা অৱদানৰ প্ৰতি আল্লাহৰ কৃতজ্ঞতা পালন কৰি কেৱল তাৰ বাবেই ছালাত আদায় কৰক আৰু কুৰবানী কৰক। যিহেতু সাধাৰণ মুশ্বৰিকসকলে সিহঁতৰ মূৰ্তিবোৰৰ বাবে কুৰবানী বা জন্তু বলিদান কৰি সিহঁতৰ নৈকট্য লাভ কৰাত উঠি পৰি লাগি থাকে।
৩- (إِنَّ شَانِئَكَ هُوَ الْأَبْتَرُ) নিঃসন্দেহে ৰাছুলৰ সৈতে বিদ্বেষ ৰখা ব্যক্তিয়েই সকলো প্ৰকাৰৰ কল্যাণৰ পৰা বঞ্চিত হ'ব।

উত্তৰ- ছুৰা আল-কাফিৰূন আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ক্বুল ইয়া আইয়্যুহাল কাফিৰূন। (১) {কোৱা, ‘হে কাফিৰসকল !} লা আ'বুদু মা তা'বুদূন। (২) {তোমালোকে যাৰ ইবাদত কৰা, মই তাৰ ইবাদত নকৰোঁ,} অলা আংতুম আ-বিদূনা মা-আ'বুদ। (৩) {আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়।} অলা আনা আ-বিদুম মা-আবাত্তুম। (৪) {আৰু মই তাৰ ইবাদতকাৰী নহয় যাৰ ইবাদত তোমালোকে কৰা।} অলা আংতুম আ-বিদূনা মা-আ'বুদ। (৫) {আৰু মই যাৰ ইবাদত কৰোঁ তোমালোকেও তাৰ ইবাদতকাৰী নহয়।} লাকুম দীনুকুম অলিয়া দ্বীন। (৬) {তোমালোকৰ দ্বীন তোমালোকৰ বাবে, আৰু মোৰ দ্বীন মোৰ বাবে।} (ছুৰা আল-কাফিৰূনঃ ১-৬)
তাফছীৰ
১- (قُلْ يَا أَيُّهَا الْكَافِرُونَ) হে ৰাছুল, কওক, হে আল্লাহক অস্বীকাৰকাৰীসকল!
২- (لَا أَعْبُدُ مَا تَعْبُدُونَ) যিবোৰ মূৰ্ত্তিক তোমালোকে পূজা কৰা, সেইবোৰক মই পূজা নকৰোঁ আৰু ভৱিষ্যতেও নকৰোঁ।
৩- (وَلَا أَنْتُمْ عَابِدُونَ مَا أَعْبُدُ) আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰোঁ, আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ।
৪- (وَلَا أَنَا عَابِدٌ مَا عَبَدْتُمْ) আৰু তোমালোকে যিবোৰ মূৰ্তিক পূজা কৰা, সেইবোৰৰ মই ইবাদতকাৰী নহয়।
৫- (وَلَا أَنْتُمْ عَابِدُونَ مَا أَعْبُدُ) আৰু তোমালোকেও তেওঁৰ ইবাদত নকৰা, যাৰ ইবাদত মই কৰোঁ, আৰু সেইজন হৈছে একমাত্ৰ আল্লাহ।
৬- (لَكُمْ دِينُكُمْ وَلِيَ دِينِ) তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম, যিটো তোমালোকে নিজৰ বাবে নিজেই সাজি লৈছা আৰু মোৰ কাৰণে মোৰ ধৰ্ম, যিটো আল্লাহে মোৰ প্ৰতি অৱতীৰ্ণ কৰিছে।

উত্তৰ- ছুৰা আন-নাচৰ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ইযা জা-আ নাচৰুল্লা-হি অল-ফাত্হ। (১) {যেতিয়া আল্লাহৰ সহায় আৰু বিজয় আহিব,} অৰাআইতান না-ছা য়াদখুলূনা ফী দীনিল্লা-হি আফৱাজা। (২) {আৰু তুমি মানুহক দলে দলে আল্লাহৰ দ্বীনত প্ৰৱেশ কৰোঁতে দেখিবা,} ফাছাব্বিহ বিহামদি ৰাব্বিকা অছতাগফিৰহু, ইন্নাহু কা-না তাওৱাবা। (৩) {তেতিয়া তুমি তোমাৰ প্ৰতিপালকৰ প্ৰশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰিবা আৰু তেওঁৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবা, নিশ্চয় তেওঁ তাওবা গ্ৰহণকাৰী।} (ছুৰা আন-নাচৰঃ ১-৩)
তাফছীৰ
১- (إِذَا جَاءَ نَصْرُ اللَّهِ وَالْفَتْحُ) হে ৰাছুল! যেতিয়া আপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব, আৰু মক্কা বিজয় হৈ যাব।
২- (وَرَأَيْتَ النَّاسَ يَدْخُلُونَ فِي دِينِ اللَّهِ أَفْوَاجًا) আৰু আপুনি মানুহক দলে দলে ইছলামত প্ৰৱেশ হোৱা দেখিবলৈ পাব।
৩- (فَسَبِّحْ بِحَمْدِ رَبِّكَ وَاسْتَغْفِرْهُ إِنَّهُ كَانَ تَوَّابًا) তেতিয়া আপুনি জানি লব যে, এয়া সেই মিচনৰ সমাপ্তিৰ নিকটৱৰ্তীৰ ইংগিতহে, যাৰ সৈতে আপোনাক প্ৰেৰিত কৰা হৈছিল। আপুনি সহায় আৰু বিজয় প্ৰাপ্ত হোৱাৰ বাবে কৃতজ্ঞতা পালনাৰ্থে আপোনাৰ প্ৰতিপালকৰ প্ৰশংসা আৰু পৱিত্ৰতা বৰ্ণনা কৰক। লগতে তেওঁৰ ওচৰত ক্ষমা প্ৰৰ্থনা কৰক। নিশ্চয় তেওঁ তাওবা কবুলকাৰী, বান্দাৰ তাওবা কবূল কৰে আৰু তেওঁলোকৰ প্ৰতি ক্ষমাশীল।

উত্তৰ- ছুৰা আল-মাছাদ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
তাব্বাত য়াদা আবি লাহাব। (১) {ধ্বংস হওক আবু লাহাবৰ দুয়ো হাত আৰু সি নিজেও ধ্বংস হৈছে।} মা আগনা আনহু মা-লুহু অমা কাছাব। (২) {তাৰ ধন-সম্পদ আৰু তাৰ উপাৰ্জন, তাৰ কোনো কামত নাহিল।} ছায়াচলা না-ৰান যা-তা লাহাব। (৩) {অতিশীঘ্ৰেই সি লেলিহান জুইত পতিত হ’ব।} অমৰাআতুহু হাম্মা-লাতাল হাত্বাব। (৪) {আৰু তাৰ স্ত্ৰীও- যিজনীয়ে ইন্ধন বহন কৰে,} ফী জীদিহা হাবলুম মিম মাছাদ। (৫) {তাইৰ ডিঙিত থাকিব পকোৱা টান ৰছী।} (ছুৰা আল-মাছাদঃ ১-৫)
তাফছীৰ
১- (تَبَّتْ يَدَا أَبِي لَهَبٍ وَتَبَّ) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুৰা আবু লাহাব বিন আব্দুল মুত্তালিবৰ দুয়ো হাত ক্ষতিগ্ৰস্ত হৈছে, কাৰণ তাৰ আমল হৈছে নিকৃষ্ট, আৰু তাৰ সকলো প্ৰচেষ্টা বিফল হৈছে। যেতিয়া সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিব বিচাৰিছিল।
২- (مَا أَغْنَى عَنْهُ مَالُهُ وَمَا كَسَبَ) ধন, সন্তান কোনো বস্তুই তাৰ কোনো উপকাৰত অহা নাই আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাই। লগতে তাক দয়াৰ পাত্ৰও বনাব পৰা নাই।
৩- (سَيَصْلَى نَارًا ذَاتَ لَهَبٍ) সি অনতিপলমে ক্বিয়ামতৰ দিনা লেলিহান জুইত প্ৰৱেশ কৰিব আৰু জ্বলি থাকিব।
৪- (وَامْرَأَتُهُ حَمَّالَةَ الْحَطَبِ) আৰু তাৰ স্ত্ৰী উম্মে জামিলেও তাৰ ভিতৰত প্ৰৱেশ কৰিব। আল্লাহৰ ৰাছুলক তাই ৰাস্তাৰ মাজত কাইট মেলি কষ্ট দিছিল।
৫- (فِي جِيدِهَا حَبْلٌ مِنْ مَسَدٍ) তাইৰ ডিঙিত শক্তিশালী পকোৱা টান ৰছী থাকিব, যিটো তাইৰ ডিঙিত লগাই চোঁচৰাই অগ্নিৰ ফালে লৈ যোৱা হ'ব।

উত্তৰ- ছুৰা আল-ইখলাচ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ক্বুল হুৱাল্লা-হু আহাদ। (১) {কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,} আল্লা-হুচ চামাদ। (২) {আল্লাহ অমুখাপেক্ষী।} লাম য়ালিদ অলাম ইউলাদ। (৩) {তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,} অলাম য়াকুল্লাহু কুফুআন আহাদ। (৪) {আৰু তেওঁৰ সমতুল্য কোনো নাই’।} (ছুৰা আল-ইখলাচঃ ১-৪)
তাফছীৰ
১- (قُلْ هُوَ اللَّهُ أَحَدٌ) হে ৰাছুল, আপুনি কৈ দিয়ক, আল্লাহেই হৈছে একমাত্ৰ সত্য উপাস্য, তেওঁৰ বাহিৰে কোনো সত্য উপাস্য নাই।
২- (اللَّهُ الصَّمَدُ) তেওঁৰ ওচৰতে সকলো সৃষ্টিয়ে নিজৰ নিজৰ প্ৰয়োজনবোৰ উত্থাপন কৰে।
৩- (لَمْ يَلِدْ وَلَمْ يُولَدْ) এতেকে সেই পৱিত্ৰ সত্ত্বা আল্লাহৰ কোনো সন্তান নাই আৰু পিতাও নাই।
৪- (وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ) আৰু সৃষ্টিৰ মাজত তেওঁৰ সমপৰ্যায়ৰ কোনো নাই।

উত্তৰ- ছুৰা আল-ফালাক্ব আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ক্বুল আউজু বিৰাব্বিল ফালাক্ব। (১) {কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।} মিং শ্বাৰ্ৰি মা খালাক্ব। (২) {তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,} অমিং শ্বাৰ্ৰি গা-ছিক্বিন ইযা অক্বাব। (৩) {আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,} অমিং শ্বাৰ্ৰিন নাফফা-ছা-তি ফিল উক্বাদ। (৪) {আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,} অমিং শ্বাৰ্ৰি হা-ছিদিন ইযা হাছাদ। (৫) {আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।} (ছুৰা ফালাক্বঃ ১-৫)
তাফছীৰ
১- (قُلْ أَعُوذُ بِرَبِّ الْفَلَقِ) হে ৰাছুল , কৈ দিয়ক যে মই প্ৰভাতৰ প্ৰতিপালকক দৃঢ়ভাৱে আকোঁৱালি লৈছোঁ আৰু তেওঁৰেই আশ্ৰয় বিচাৰোঁ।
২- (مِنْ شَرِّ مَا خَلَقَ) কষ্টদায়ক সৃষ্টিৰ অনিষ্টৰ পৰা।
৩- (وَمِنْ شَرِّ غَاسِقٍ إِذَا وَقَبَ) আৰু মই আল্লাহৰ আশ্ৰয় বিচাৰোঁ সেইবোৰ কষ্টদায়ক বস্তুৰ পৰা, যিবোৰ ৰাতিত ওলায়। যেনে- কীট- পতংগ আৰু চোৰ আদি।
৪- (وَمِنْ شَرِّ النَّفَّاثَاتِ فِي الْعُقَدِ) আৰু আল্লাহৰ আশ্ৰয় বিচাৰিছোঁ যাদুকৰ মহিলাৰ অনিষ্টৰ পৰা, যিসকলে গাঁঠিত ফুঁ দিয়ে।
৫- (وَمِنْ شَرِّ حَاسِدٍ إِذَا حَسَدَ) আৰু আল্লাহৰ আশ্ৰয় বিচাৰোঁ হিংসুকৰ অনিষ্টৰ পৰা যেতিয়া সি আল্লাহে মানুহক প্ৰদান কৰা নিয়ামতবোৰ দেখি হিংসা কৰে তথা সেইবোৰ বিনষ্ট হোৱাৰ কামনা কৰে আৰু তাক কষ্ট দিয়াৰ প্ৰচেষ্টা কৰে।

উত্তৰ- ছুৰা আন-নাছ আৰু ইয়াৰ তাফছীৰঃ
(আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
ক্বুল আউজু বিৰাব্বিন না-ছ। (১) {কোৱা, মই আশ্ৰয় বিচাৰোঁ মানুহৰ প্ৰতিপালকৰ।} মালিকিন না-ছ। (২) {মানুহৰ অধিপতিৰ,} ইলাহিন না-ছ। (৩) {মানুহৰ ইলাহৰ ওচৰত,} মিং শ্বাৰ্ৰিল অছৱা-ছিল খান্না-ছ। (৪) {আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,} আল্লাজী য়ুৱাছৱিছু ফি চুদূৰিন না-ছ। (৫) {যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,} মিনাল জিন্নাতি অন্না-ছ। (৬) {জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।} (ছুৰা আন-নাছঃ ১-৬)
তাফছীৰ
১- (قُلْ أَعُوذُ بِرَبِّ النَّاسِ) হে ৰাছুল , কৈ দিয়ক যে, মই মানুহৰ প্ৰতিপালকক দৃঢ়ভাৱে আকোঁৱালি লৈছোঁ আৰু তেওঁৰেই আশ্ৰয় বিচাৰোঁ।
২- (مَلِكِ النَّاسِ) যিয়ে সকলো মানুহৰ অধিপতি। সিহঁতক যেনেকৈ বিচাৰে প্ৰয়োগ কৰে। তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো অধিপতি নাই।
৩- (إِلَهِ النَّاسِ) তেৱেঁই সিহঁতৰ সত্য উপাস্য। তেওঁৰ বাহিৰে সিহঁতৰ আন কোনো সত্য উপাস্য নাই।
৪- (مِنْ شَرِّ الْوَسْوَاسِ الْخَنَّاسِ) চয়তানৰ অপৰাধৰ পৰা, যিয়ে মানুহক কুমন্ত্ৰণা দিয়ে।
৫- (الَّذِي يُوَسْوِسُ فِي صُدُورِ النَّاسِ) যিয়ে মানুহৰ অন্তৰত কুভাৱনা উদ্ভৱ কৰায়।
৬- (مِنَ الْجِنَّةِ وَالنَّاسِ) কুমন্ত্ৰণা প্ৰদানকাৰী মানুহৰ মাজৰ পৰাও হয় আৰু জিন জাতিৰ পৰাও হয়।