বিবিধ বিভাগ

উত্তৰ-
১- ওৱাজিব।
২- মুস্তাহাব।
৩- হাৰাম।
৪- মাকৰূহ।
৫- মুবাহ।

উত্তৰ-
১- ওৱাজিব- যেনে- পাঁচ ওৱাক্ত চালাত, ৰমজান মাহৰ ৰোজা, পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰা আদি।
- ওৱাজিব হৈছে এনেকুৱা কৰ্ম যিটো কৰিলে ছোৱাব পোৱা যায় আৰু পৰিত্যাগ কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়।
২-মুস্তাহাবঃ যেনে- ফৰজ নামাজৰ আগৰ আৰু পিছৰ ছুন্নতসমূহ, তাহাজ্জুদ, আনক পানাহাৰ কৰোৱা, ছালাম দিয়া আদি। মুস্তাহাবক ছুন্নত আৰু মানুদূব বুলিও কোৱা হয়।
মুস্তাহাব হৈছে এনেকুৱা কৰ্ম যিটো কৰিলে ছোৱাব পোৱা যায়, কিন্তু নকৰিলে শাস্তি নাই।
বিঃদ্ৰঃ
কোনো কৰ্মৰ বিষয়ে ছুন্নত বা মুস্তাহাব বুলি শুনিলে এজন মুছলিমৰ কৰ্তব্য হৈছে সেই কৰ্ম ততাতৈয়াকৈ কৰা আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰা।
৩- হাৰামঃ যেনে- মাদক দ্ৰৱ্য সেৱন কৰা, পিতৃ-মাতৃৰ অবাধ্য হোৱা, আত্মীয়তাৰ সম্পৰ্ক ছিন্ন কৰা।
-হাৰাম হৈছে এনেকুৱা কৰ্ম যিটো পৰিত্যাগ কৰিলে ছোৱাব পোৱা যায় আৰু কৰিলে শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়।
৪- মাকৰূহঃ যেনে- বাওঁ হাতেৰে আদান-প্ৰদান কৰা, চালাতত কাপোৰ ধৰি ৰখা।
-মাকৰূহ হৈছে এনেকুৱা কৰ্ম যিটো পৰিত্যাগ কৰিলে ছোৱাব পোৱা যায়, কৰিলে শাস্তি নাই।
৫- মুবাহঃ যেনে- ফলমূল খোৱা, চাহ-বিস্কুট খোৱা আদি। মুবাহক জায়েজ আৰু হালাল বুলিও কোৱা হয়।
-মুবাহ হৈছে এনেকুৱা কৰ্ম যিটো পৰিত্যাগ কৰিলে ছোৱাব পোৱা নাযায় আৰু কৰিলেও শাস্তি নাই।

উত্তৰ- সকলো প্ৰকাৰ ক্ৰয়-বিক্ৰয় আৰু লেনদেনৰ মূল হৈছে হালাল। কিন্তু ইয়াৰে কেইটামান প্ৰকাৰক আল্লাহে হাৰাম কৰিছে।
আল্লাহে কৈছেঃ আল্লাহে ব্যৱসায়-বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। (ছুৰা আল-বাক্বাৰাহঃ ২৭৫)

উত্তৰ-
১- প্ৰতাৰণা কৰা বা ঠগোৱাঃ বিক্ৰী কৰিবলগীয়া বস্তুৰ দোষ গোপন ৰখা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, এবাৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে (বজাৰৰ এটি) খাদ্য সম্ভাৰৰ ওচৰেৰে অতিক্ৰম কৰি আছিল, হঠাৎ তেখেতে সেই খাদ্য সম্ভাৰৰ মাজত হাত সোমোৱাই দিলে, আৰু তেখেতে গম পালে যে, ভিতৰৰ বস্তুখিনি সেমেকি আছে তথা তিতি আছে। তেখেতে ক'লেঃ "হে খাদ্য সামগ্ৰীৰ গৰাকী! এইটো কি কথা?" তেওঁ ক'লেঃ "হে আল্লাহৰ ৰাছুল! বৰষুণৰ ফলত এনেকুৱা হৈছে।" তেখেতে ক'লেঃ "তুমি ইয়াক ওপৰত কিয় নাৰাখিলা, যাতে মানুহে চাব পাৰে? শুনা! যিয়ে প্ৰতাৰণা কৰে সি আমাৰ অন্তৰ্ভুক্ত নহয়।" ইয়াক মুছলিমে বৰ্ণনা কৰিছে।
২- সুতঃ যেনে- ঋণ হিচাপে কাৰোবাৰ পৰা এহেজাৰ টকা লৈ ওভোতাই দিয়াৰ সময়ত দুহেজাৰ টকা দিয়া।
এই অতিৰিক্ত টকাখিনি হৈছে সুত।
আল্লাহে কৈছেঃ আল্লাহে ব্যৱসায়-বাণিজ্যক হালাল কৰিছে আৰু সুতক হাৰাম কৰিছে। (ছুৰা আল-বাক্বাৰাহঃ ২৭৫)
৩- আল-গাৰাৰ (অনিশ্চয়তা, আশংকা) আৰু জাহালাহ (অজ্ঞানতা)- যেনে- ছাগলীৰ স্তনত থকা অৱস্থাতেই গাখীৰ আনুমানিকভাৱে বিক্ৰী কৰা, অথবা পানীত থকা মাছ আনুমানিকভাৱে বিক্ৰী কৰা।
হাদীছত আহিছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অনিশ্চয়তামূলক ক্ৰয়-বিক্ৰয় নিষিদ্ধ কৰিছে। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- ১- ইছলামৰ নিয়ামত, কাৰণ মই অমুছলিম নহয়।
২- ছুন্নতৰ নিয়ামত, কাৰণ মই বিদআতী নহয়।
৩- সুস্থতাৰ নিয়ামতঃ কাৰণ মই শুনিব পাৰোঁ, দেখিব পাৰোঁ আৰু খোজকাঢ়িব পাৰোঁ।
৪- পানাহাৰ আৰু পোছাক-পৰিচ্ছদৰ নিয়ামত।
আমাৰ ওপৰত আল্লাহৰ অসংখ্য নিয়ামত আছে, যিবোৰক গণনা কৰি শেষ কৰিব নোৱাৰি।
আল্লাহে কৈছেঃ আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু। (ছুৰা আন-নাহলঃ ১৮)

উত্তৰ- আমাৰ কৰ্তব্য হৈছে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰা, আল্লাহৰ গুণগানৰ মাধ্যমত তথা তেওঁৰ প্ৰশংসা কৰাৰ মাধ্যমত। একমাত্ৰ তেৱেঁই সৰ্বোচ্চ মৰ্যাদাৰ অধিকাৰী। লগতে এইবোৰ নিয়ামত মহান আল্লাহে সন্তুষ্ট হোৱা শিতানত ব্যৱহাৰ কৰিব লাগে, কোনো পাপকৰ্মত ব্যৱহাৰ কৰিব নালাগে।

উত্তৰ- মুছলিমসকলৰ উৎসৱ হৈছে দুটা। ঈদুল ফিতৰ আৰু ঈদুল আজহা।
যেনে- আনাছ ৰাদ্বিয়াল্লাহু আনহুৱে বৰ্ণনা কৰা হাদীছত আহিছে, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মদীনাত আহি দেখিলে সিহঁতে দুটা দিন উৎসৱ হিচাপে পালন কৰে, সেইদিনা সিহঁতে খেল-ধূলা কৰে। এই দেখি তেখেতে সুধিলেঃ "এই দিৱস দুটা তোমালোকে কিয় উৎযাপন কৰা?" সিহঁতে ক'লেঃ "এই দিৱস দুটা আমি অজ্ঞতা যুগৰ পৰাই পালন কৰি আহিছোঁ।" তেতিয়া ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ শুনা! আল্লাহে তোমালোকক এই দিৱস দুটাৰ পৰিবৰ্তে ইয়াতকৈও উত্তম দুটা দিৱস প্ৰদান কৰিছে। সেই দুটা হৈছেঃ ঈদুল আজহা আৰু ঈদুল ফিতৰ। আবু দাঊদ।
এই দুটা উৎসৱৰ বাহিৰে বাকী যিমানবোৰ উৎসৱ পালন কৰা হয় সেই আটাইবোৰ হৈছে বিদআত।

উত্তৰ- দৃষ্টি সংযত কৰিব লাগে। যেনে- আল্লাহ তাআলাই কৈছেঃ মুমিনসকলক কৈ দিয়া, সিহঁতে যেন নিজৰ দৃষ্টি সংযত ৰাখে। (ছুৰা আন-নূৰঃ ৩০)

উত্তৰ- ১- বেয়া কৰ্মৰ ফালে ধাৱিত হোৱা মন। মানুহৰ মন যেতিয়া বেয়া কৰ্মৰ ফালে ধাৱিত হয়, তেতিয়া মানুহে নিজৰ ব্যক্তিগত ইচ্ছাৰে আল্লাহৰ অবাধ্যতাত মনৰ সেই নিৰ্দেশক অনুসৰণ কৰে। নিশ্চয় মানুহৰ নফচে বেয়া কামৰ নিৰ্দেশ দিয়াটোৱে স্বাভাৱিক, কিন্তু সেই ব্যক্তিৰ কথা সুকীয়া, যাৰ প্ৰতি মোৰ প্ৰতিপালকে দয়া কৰে। নিশ্চয় মোৰ প্ৰতিপালক ক্ষমাশীল, পৰম দয়ালু। (ছুৰা ইউছুফঃ ৫৩) ২- চয়তানঃ চয়তান হৈছে আদম সন্তানৰ প্ৰকৃত শত্ৰু। চয়তানৰ উদ্দেশ্য হৈছে মানুহক বিভ্ৰান্ত কৰা আৰু সিহঁতক বেয়া কৰ্মৰ কুমন্ত্ৰণা দিয়া আৰু জাহান্নামত প্ৰৱেশ কৰোৱা। যেনে- আল্লাহ তাআলাই কৈছেঃ তোমালোকে চয়তানৰ পদাংক অনুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু। (ছুৰা আল-বাক্বাৰাহঃ ১৬৮) ৩- বেয়া সংগীঃ যিসকলে বেয়া কৰ্মৰ প্ৰৰোচনা দিয়ে আৰু সৎকৰ্মৰ পৰা বিৰত ৰাখে। যেনে- আল্লাহ তাআলাই কৈছেঃ সেইদিনা অন্তৰঙ্গ বন্ধুসকলেও ইজনে সিজনৰ শত্ৰু হৈ পৰিব, কেৱল মুত্তাক্বীসকলৰ বাহিৰে। (ছুৰা আজ-ঝুখৰূফঃ ৬৭)

উত্তৰ- গুনাহ পৰিত্যাগ কৰি আল্লাহৰ আনুগত্যৰ ফালে উভতি অহাকে তাওবা বোলে। আল্লাহ তাআলাই কৈছেঃ আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল, যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎপথত অবিচল থাকে। (ছুৰা ত্বা-হাঃ ৮২)

উত্তৰ- ১- পৰিপূৰ্ণৰূপে গুনাহ পৰিত্যাগ কৰা।
২- যি হৈছে তাৰ প্ৰতি লজ্জিত হোৱা।
৩- পুনৰ যাতে নহয় তাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হোৱা।
৪- কাৰোবাৰ প্ৰাপ্য অধিকাৰ আত্মসাৎ কৰিলে সেইটো ওভোতাই দিয়া, আৰু কাৰো অন্যায় কৰিলে তাৰ পৰা ক্ষমা বিচৰা।
আল্লাহে কৈছেঃ আৰু যিসকলে কোনো অশ্লীল কাম কৰিলে বা নিজৰ প্ৰতি অন্যায় কৰিলে আল্লাহক স্মৰণ কৰে আৰু নিজৰ পাপ কাৰ্যৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰে। আল্লাহৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব? আৰু সিহঁতে যিটো কৰি পেলাইছে সেইটো জানি বুজি পুনৰ নকৰে। (ছুৰা আলে-ইমৰাণঃ ১৩৫)

ইয়াৰ অৰ্থ হৈছে আল্লাহৰ ওচৰত দুআ কৰা, যাতে আল্লাহে ৰছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নাম সৰ্বোচ্চ সভাত (আল-মালায়িল আ'লাত) উন্নীত কৰে।

উত্তৰ- মহান আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটি আৰু অপৱিত্ৰতাৰ পৰা পৱিত্ৰ ঘোষণা কৰা।

উত্তৰ- ইয়াৰ অৰ্থ হৈছে, সকলো প্ৰকাৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, লগতে সকলো প্ৰকাৰ উত্তম তথা পূৰ্ণাংগ গুণ তেওঁৰ বাবে নিৰ্দিষ্ট কৰা।

উত্তৰ- অৰ্থাৎ তেওঁ সকলোতকৈ মহান, সকলোতকৈ ডাঙৰ, সকলোতকৈ মৰ্যাদাৱান, সৰ্বোচ্চ মহান সত্ত্বা।

উত্তৰ- ইয়াৰ অৰ্থ হৈছেঃ আল্লাহৰ শক্তি আৰু ক্ষমতা অবিহনে বান্দাই কেতিয়াও এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ স্থানান্তৰ হ'ব নোৱাৰে।

উত্তৰ- অৰ্থাৎ বান্দাৰ ফালৰ পৰা আল্লাহৰ ওচৰত এইটো প্ৰাৰ্থনা কৰা যে, তেওঁ যেন তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়ে আৰু তাৰ দোষ-ত্ৰুটিবোৰৰ ওপৰত পৰ্দা আঁৰি দিয়ে।