জিকৰ-আজকাৰ বা দুআ বিভাগ

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে জিকৰ-আজকাৰ পাঠ কৰে আৰু যিয়ে পাঠ নকৰে, সিহঁতৰ উদাহৰণ হৈছে মৃত আৰু জীৱিতৰ দৰে। বুখাৰীয়ে বৰ্ণনা কৰিছে।
কাৰণ মানুহৰ জীৱনৰ মূল্য এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে, তেওঁ কিমান সঘনাই মহান আল্লাহক স্মৰণ কৰে।

উত্তৰ- ১- মহান কৰুণাময় (আল্লাহ) সন্তুষ্ট হয়।
২- চয়তান বিতাৰিত হয়।
৩- মুছলিম ব্যক্তি অনিষ্টৰ পৰা সুৰক্ষিত থাকে।
৪- ইয়াৰ ফলত ছোৱাব তথা নেকী অৰ্জন হয়।

উত্তৰ- লা ইলা-হা ইল্লাল্লাহ। (আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই)। তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।

উত্তৰ- আলহাম্দুলিল্লা-হিল লাজী আহয়া-না বা'দামা আমা-তানা ৱা ইলাইহিন নুশ্বূৰ। (সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে, যিয়ে আমাক মৃত্যুৰ পিছত জীৱিত কৰিলে, আৰু তেওঁৰ ওচৰতেই পুনৰ্জীৱিত হৈ যাব লাগিব।) মুত্তাফাক্ব আলাইহ

উত্তৰ- আলহামদু লিল্লা-হিল লাজী, কাছা-নী, হা-জাছ ছাওবা, অৰাঝাক্বানীহি মিন গাইৰি হাওলিম মিন্নী অলা কুওৱাহ। (সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে মোক এইটো কাপোৰ পৰিধান কৰাৰ তাওফীক দিছে। মোৰ ফালৰ পৰা বিনা কোনো শক্তি আৰু ক্ষমতাৰে তেওঁ মোক প্ৰদান কৰিছে।) আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- বিছমিল্লাহ। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে

আল্লা-হুম্মা লাকাল হামদু আনতা কাছাওতানীহি, আছআলুকা খাইৰাহু অখাইৰা মা চুনিআ লাহ, ওৱা আউজুবিকা মিন শ্বাৰ্ৰিহী অশ্বাৰ্ৰি মা চুনিআ লাহ। (হে আল্লাহ! প্ৰশংসা একমাত্ৰ তোমাৰ বাবেই, তুমিয়েই মোক পৰিধান কৰোৱাইছা, মই তোমাৰ পৰা ইয়াৰ কল্যাণ কামনা কৰোঁ আৰু সেই কল্যাণ কামনা কৰোঁ যিটোৰ বাবে ইয়াক তৈয়াৰ কৰা হৈছে। লগতে ইয়াৰ অনিষ্টতাৰ পৰা আৰু যি উদ্দেশ্যে ইয়াক তৈয়াৰ কৰা হৈছে তাৰ অনিষ্টৰ পৰা মই তোমাৰ আশ্ৰয় বিচাৰোঁ। ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- যদি তুমি কাৰোবাক নতুন কাপোৰ পৰিহিত অৱস্থাত দেখা তেন্তে তাক এই দুআ পাঠ কৰি দুআ দিব লাগেঃ তুবলি ৱা ইউখলিফুল্লা-হু তাআলা। (তুমি ইয়াক পূৰণি কৰা, ইয়াৰ ঠাইত আল্লাহে তোমাক আৰু অধিক দিয়ক।) ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

উত্তৰ- আল্লা-হুম্মা ইন্নি আউজুবিকা মিনাল খুবছি অল খাবা-ইছ। (হে আল্লাহ! মই দুষ্ট পুৰুষ জিনৰ পৰা আৰু দুশ্চৰিত্ৰা নাৰী জিনৰ (অনিষ্টৰ) পৰা তোমাৰ আশ্ৰয় বিচাৰোঁ। মুত্তাফাক্ব আলাইহ

উত্তৰ- গুফৰা-নাকা। (তোমাৰ ক্ষমাৰ প্ৰাৰ্থী) ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- বিছমিল্লাহ। ইয়াক আবু দাউদে বৰ্ণনা কৰিছে।

(আশ্বহাদু আল লা ইলাহা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, ওৱা আশ্বহাদু আন্না মুহাম্মাদান আব্দুহু ওৱা ৰাছুলুহু) অৰ্থঃ মই সাক্ষ্য দিওঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেওঁৰ কোনো অংশীদাৰ নাই, মই আৰু সাক্ষ্য দিওঁ যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম তেওঁৰ বান্দা আৰু ৰাছুল। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- বিছমিল্লাহ, তাৱাক্কালতু আলাল্লাহ, অলা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ। (আৰম্ভ কৰিছোঁ, আল্লাহৰ নামত। মই আল্লাহৰ ওপৰত ভৰসা কৰিলোঁ, আল্লাহৰ সহায় অবিহনে কোনো বস্তুৰ অনিষ্টৰ পৰা ৰক্ষা পোৱা টান আৰু কিবা কৰাৰো ক্ষমতা নাই।) ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- বিছমিল্লাহি অলাজনা, অবিছমিল্লাহি খাৰাজনা, ওৱা আলাল্লা-হি ৰাব্বিনা তাৱাক্কালনা। (আল্লাহৰ নামত আমি প্ৰৱেশ কৰিলোঁ, আৰু আল্লাহৰ নামতেই আমি ওলাইছিলোঁ, আৰু আমি আমাৰ প্ৰতিপালক আল্লাহৰ ওপৰতেই ভৰসা কৰোঁ।) এই দুআ কোৱাৰ পিছত পৰিয়ালক ছালাম কৰিব লাগে। ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

উত্তৰ- আল্লা-হুম্মাফ তাহলী, আবৱাবা ৰাহমাতিক। (হে আল্লাহ! মোৰ বাবে তোমাৰ অনুগ্ৰহৰ দুৱাৰসমূহ খুলি দিয়া।) হাদীছটো মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- আল্লা-হুম্মা ইন্নি আছআলুকা মিন ফাদ্বলিক। (হে আল্লাহ! মই তোমাৰ ওচৰত তোমাৰ অনুগ্ৰহ বিচাৰোঁ।) হাদীছটো মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- মুআজ্জিনে যিবোৰ বাক্য কয়, সেইবোৰ বাক্যই ক'ব লাগে। কেৱল "হাই আলাচ্ছলাহ" আৰু "হাই আলাল ফালাহ"ৰ বিপৰীতে "লা হাওলা অলা কুওৱাতা ইল্লা বিল্লাহ" ক'ব লাগে। মুত্তাফাক্ব আলাইহ

উত্তৰ- নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত দৰূদ পঢ়িব লাগে। ইয়াক মুছলিমে বৰ্ণনা কৰিছে। আৰু তাৰ পিছত এই দুআ পঢ়িব লাগে। আল্লা-হুম্মা ৰাব্বা হা-জিহিত দা'ৱাতিত তা-ম্মাহ, অচ্ছলা-তিল ক্বা-য়িমাহ, আ-তি মুহাম্মাদানিল অছীলাহ, অল-ফাজীলাহ, অবআছহু মাক্বা-মাম মাহমূদানিল লাজী ওৱা আত্তাহ। (হে আল্লাহ! তুমিয়েই এই পূৰ্ণ দুআ আৰু প্ৰতিষ্ঠিত চালাতৰ প্ৰতিপালক, গতিকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বিশেষ নৈকট্য আৰু বিশেষ অনুগ্ৰহ প্ৰদান কৰা। তেওঁক মাক্বামে মাহমূদ (প্ৰশংসিত ঠাইত) থিয় কৰোৱা। যি ঠাইৰ প্ৰতিশ্ৰুতি তুমি তেওঁক প্ৰদান কৰিছা।) বুখাৰী
আজান আৰু ইক্বামতৰ মধ্যৱৰ্তী সময়ত দুআ কৰিব লাগে। কাৰণ এই সময়ত কৰা দুআক প্ৰত্যাখ্যান কৰা নহয়।

উত্তৰ- ১- আয়াতুল কুৰছী পাঠ কৰা। আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্তাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতিবিনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে; আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছী আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে; আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান। (ছুৰা আল-বাক্বাৰাহঃ ২৫৫) ২- তাৰ পিছত পঢ়িব লাগে। বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম। ক্বুল হুৱাল্লা-হু আহাদ। (১) {কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,} আল্লা-হুচ চামাদ। (২) {আল্লাহ অমুখাপেক্ষী।} লাম য়ালিদ অলাম ইউলাদ। (৩) {তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,} অলাম য়াকুল্লাহু কুফুআন আহাদ। (৪) {আৰু তেওঁৰ সমতুল্য কোনো নাই’।} তিনিবাৰ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম। (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ক্বুল আউজু বিৰাব্বিল ফালাক্ব। (১) {কোৱা, মই আশ্ৰয় বিচাৰোঁ ঊষাৰ প্ৰতিপালকৰ।} মিং শ্বাৰ্ৰি মা খালাক্ব। (২) {তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,} অমিং শ্বাৰ্ৰি গা-ছিক্বিন ইযা অক্বাব। (৩) {আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,} অমিং শ্বাৰ্ৰিন নাফফা-ছা-তি ফিল উক্বাদ। (৪) {আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,} অমিং শ্বাৰ্ৰি হা-ছিদিন ইযা হাছাদ। (৫) {আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।} তিনিবাৰ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম। (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ক্বুল আউজু বিৰাব্বিন না-ছ। (১) {কোৱা, মই আশ্ৰয় বিচাৰোঁ মানুহৰ প্ৰতিপালকৰ।} মালিকিন না-ছ। (২) {মানুহৰ অধিপতিৰ,} ইলাহিন না-ছ। (৩) {মানুহৰ ইলাহৰ ওচৰত,} মিং শ্বাৰ্ৰিল অছৱা-ছিল খান্না-ছ। (৪) {আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,} আল্লাজী য়ুৱাছৱিছু ফি চুদূৰিন না-ছ। (৫) {যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,} মিনাল জিন্নাতি অন্না-ছ। (৬) {জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।} তিনিবাৰ ৩- আল্লা-হুম্মা আনতা ৰাব্বী, লা ইলা-হা ইল্লা আনতা, খালাকতানী ৱা আনা আব্দুকা, ৱা আনা আলা আহদিকা, ৱা ৱা'দিকা মাচ-তাত্বা'তু। আউজুবিকা মিন শ্বাৰ্ৰি মা চানা'তু। আবুওলাকা বিনি'মাতিকা আলাইয়্য়া, ৱা আবুও বিজান্বী, ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ জুনূবা ইল্লা আনতা। (হে আল্লাহ! তুমিয়েই মোৰ ৰব্ব। তোমাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তুমিয়েই মোক সৃষ্টি কৰিছা, মই তোমাৰ বান্দা। মই তোমাৰ প্ৰতিশ্ৰুতিৰ ওপৰত সাধ্যানুসাৰে প্ৰতিষ্ঠিত। মই যি কৰিছোঁ তাৰ অন্যায়ৰ পৰা মই তোমাৰ ওচৰত আশ্ৰয় বিচাৰোঁ। তুমি মোক যি নিয়ামত প্ৰদান কৰিছা তাৰ বাবে মই তোমাৰ কৃতজ্ঞ। মই মোৰ গুনাহ কবুল কৰিছোঁ। গতিকে তুমি মোক ক্ষমা কৰি দিয়া, কাৰণ নিশ্চিতভাৱে তোমাৰ বাহিৰে আন কোনেও গুনাহ ক্ষমা কৰিব নোৱাৰে।) বুখাৰীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- বিছমিকা আল্লা-হুম্মা আমূতু ওৱা আহয়া। (হে আল্লাহ! মই তোমাৰ নামতে মৃত্যুবৰণ কৰোঁ আৰু তোমাৰ নামতে জীৱিত হওঁ।) মুত্তাফাক্ব আলাইহ

উত্তৰ- বিছমিল্লাহ।
পানাহাৰ কৰাৰ আগত যদি এইটো ক'বলৈ পাহৰি যোৱা তেন্তে এইটো দুআ পঢ়িব লাগেঃ
বিছমিল্লাহি ফি আওৱালিহি ৱা আখিৰিহ। (আৰম্ভণি আৰু শেষত আল্লাহৰ নামতেই পানাহাৰ কৰোঁ) ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- আলহামদু লিল্লা-হিল লাজী, আত্বআমানী হা-জা অৰাঝাক্বানীহি মিন গাইৰি হাওলিম মিন্নী অলা কুওৱাহ। (সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে মোক এই খাদ্য খোৱাৰ তাওফীক দিছে। মোৰ ফালৰ পৰা বিনা কোনো শক্তি আৰু ক্ষমতাৰে তেওঁ মোক প্ৰদান কৰিছে।) আবু দাউদ আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।

উত্তৰ- আল্লা-হুম্মা বা-ৰিক লাহুম ফীমা ৰাঝাকতাহুম, অগফিৰ লাহুম অৰহামহুম। (হে আল্লাহ! তুমি তেওঁলোকক যি প্ৰদান কৰিছা, তাত তুমি বৰকত দিয়া, লগতে তেওঁলোকক ক্ষমা কৰি দিয়া আৰু তেওঁলোকৰ ওপৰত ৰহম কৰা।) ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- আলহাম্দুলিল্লাহ। (সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে।)
আৰু তেওঁৰ ওচৰত থকা ব্যক্তিয়ে "য়াৰহামুকাল্লাহ" ক'ব লাগে।
য়াৰহামুকাল্লাহ কোৱা ব্যক্তিক এইদৰে দুআ দিব লাগেঃ "য়াহদিকুমুল্লাহু ৱা ইউচলিহ বা-লাকুম"। বুখাৰীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- ছুবাহানাকা আল্লাহুম্মা অবিহামদিকা, আশ্বহাদু আল লা ইলা-হা ইল্লা আনতা, আছতাগফিৰুকা ওৱা আতুবু ইলাইক। আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- বিছমিল্লাহ, অলহাম্দুলিল্লাহ। ছুবহা-নাল লাজী ছাখখৰা লানা হা-জা অমা কুন্না লাহু মুক্বৰিনীন। ৱা ইন্না ইলা ৰাব্বিনা লামুংক্বালিবূন। আলহাম্দুলিল্লাহ, আলহাম্দুলিল্লাহ, আলহাম্দুলিল্লাহ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, ছুবহা-নাকা আল্লা-হুম্মা ইন্নি জালামতু নাফছী ফাগফিৰলী, ফা ইন্নাহু লা য়াগফিৰুজ জুনূবা ইল্লা আনতা। ইয়াক আবু দাউদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, আল্লাহু আকবাৰ, ছুবহা-নাল লাজী ছাখখৰা লানা হা-জা অমা কুন্না লাহু মুক্বৰিনীন। ৱা ইন্না ইলা ৰাব্বিনা লামুংক্বালিবূন। আল্লা-হুম্মা ইন্না নাছআলুকা ফী ছাফাৰিনা হা-জাল বিৰ্ৰা অত-তাক্বৱা, অমিনাল আমালি মা তাৰদ্বা, আল্লা-হুম্মা হাওৱিন আলাইনা ছাফাৰানা হা-জা, অত্বৱি আন্না বু'দাহ, আল্লা-হুম্মা আনতাচ চা-হিবু ফিচ ছফৰ, অলখালীফাতু ফিল আহল, আল্লা-হুম্মা ইন্নি আউজুবিকা মিন অ'ছা-য়িচ ছফৰ, অকাআবাতিল মানজাৰ, অছুয়িল মুনকালাবি ফিল মা-লি অল আহল।
ওভোতাৰ সময়তো এইটো দুআই পঢ়িব লাগে, কেৱল অতিৰিক্ত এইখিনি পঢ়িব লাগিবঃ
আ-য়িবূনা, তা-য়িবূনা, আ-বিদূনা, লিৰাব্বিনা হা-মিদূন। ইয়াক মুছলিমে বৰ্ণনা কৰিছে।

উত্তৰ- আছতাওদিউকুমুল্লা-হুল লাজী লা তাদ্বীউ অদায়িউহু। আহমদ আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।

উত্তৰ- আছতাওদিউল্লা-হা দ্বীনাকা, ৱাআমানাতাকা, অখাৱাতীমা আমালিক। আহমদ আৰু তিৰমিজীয়ে বৰ্ণনা কৰিছে।

উত্তৰ- লা ইলা-হা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু, অলাহুল হাম্দু, ইউহয়ী অয়ুমীতু, অহুৱা হাইয়্যুন লা য়ামূতু, বিয়াদিহিল খাইৰু, অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। তিৰমিজী আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।

উত্তৰ- আউজু বিল্লা-হি মিনাশ্ব শ্বাইত্বনিৰ ৰাজীম। অৰ্থঃ মই অভিশপ্ত চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ। মুত্তাফাক্ব আলাইহ

উত্তৰ- জাঝাকাল্লা-হু খাইৰা। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে

উত্তৰ- বিছমিল্লাহ। ইয়াক আবু দাউদে বৰ্ণনা কৰিছে

উত্তৰ- আলহাম্দুলিল্লাহিল লাজী বিনি'মাতিহি তাতিম্মুচ চ-লিহাত। (সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যাৰ অনুগ্ৰহৰে সকলো নেক আমল সম্পূৰ্ণ হয়) (হাকিমে বৰ্ণনা কৰিছে)

উত্তৰ- আল-হাম্দুলিল্লাহি আলা কুল্লি হা-ল। (সকলো অৱস্থাতে প্ৰশংসা কেৱল আল্লাহৰ বাবেই) ছহীহুল জামে।

উত্তৰ- ছালাম এনেকৈ দিব লাগেঃ আচ্ছালামু আলাইকুম অৰাহমাতুল্লাহি অবাৰাকাতুহ।
উত্তৰ দিবলৈ এনেকৈ ক'ব লাগেঃ ৱা আলাইকুমুচ্ছালাম অৰাহমাতুল্লাহি অবাৰাকাতুহ। তিৰমিজী আৰু আবু দাঊদ।

উত্তৰ- আল্লা-হুম্মা চায়্যিবান না-ফিআহ। বুখাৰী

উত্তৰ- মুতিৰনা বিফাজলিল্লাহি অৰাহমাতিহ। বুখাৰী আৰু মুছলিম।

উত্তৰ- আল্লা-হুম্মা ইন্নি আছআলুকা খাইৰাহা, ৱা আউজুবিকা মিন শ্বাৰ্ৰিহা। (হে আল্লাহ! মই তোমাৰ ওচৰত ইয়াৰ কল্যাণ কামনা কৰোঁ আৰু ইয়াৰ অনিষ্টৰ পৰা তোমাৰ আশ্ৰয় প্ৰাৰ্থনা কৰোঁ) আবু দাঊদ আৰু ইবনে মাজাহ।

উত্তৰ- ছুবহা-নাল লাজী য়ুছাব্বিহুৰ ৰা'দু বিহামদিহি অল মালা-য়িকাতু মিন খীফাতিহ। মুআত্তা মালিক

উত্তৰ- আলহাম্দুলিল্লাহিল লাজী আ-ফানী মিম্মাবতালা-কা বিহি, অফাজ্জালানী আলা কাছী-ৰিম মিম্মান খালাক্বা তাফজীলা। ইয়াক তিৰমিজীয়ে বৰ্ণনা কৰিছে

উত্তৰ- হাদীছত আহিছেঃ যদি তোমালোকৰ ভাতৃৰ, অথবা নিজৰে নাইবা বেলেগৰ কোনো সম্পদ মনোমোহা লাগে তেন্তে তাৰ বাবে বৰকতৰ দুআ কৰিবা। কাৰণ নিশ্চয় বেয়া দৃষ্টি (নজৰে বদ) হৈছে সত্য। আহমদ আৰু ইবনে মাজাহে বৰ্ণনা কৰিছে।

উত্তৰ- "আল্লা-হম্মা চল্লি আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা চাল্লাইতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ। আল্লা-হম্মা বা-ৰিক আলা মুহাম্মদ, ৱা আলা আলি মুহাম্মদ, কামা বা-ৰাকতা আলা ইব্ৰাহীম, ৱা আলা আলি ইব্ৰাহীম, ইন্নাকা হামীদুম মাজীদ।" মুত্তাফাক্ব আলাইহ